Site icon Guwahati Times

ৰোমাঞ্চকৰ ফলাফল, তৃতীয় স্থানত থাকিও ৰূপৰ পদক লাভ জ্যোতি য়াৰাজীৰ

এছিয়ান গেমছত আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে লাভ কৰিলে ৰূপৰ পদক । ভাৰতীয় ৰেচাৰ জ্যোতি য়াৰাজীয়ে লাভ কৰিলে ৰূপৰ পদক । প্ৰতিযোগিতাটোত প্ৰথমে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল । তাৰ পাছত দৌৰিবলৈ অনুমতি দিয়া হয় আৰু অৱশেষত তেওঁ তৃতীয় স্থান লাভ কৰে । এছিয়ান গেমছত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছ দৌৰৰ সময়ত কেইমিনিটমানৰ ব্যৱধানতে এই ঘটনাবোৰ ঘটিছিল । যাক লৈ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী আচৰিত হৈ পৰিছে ।বিগ লোটাছ ষ্টেডিয়ামত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছ দৌৰ অনুষ্ঠিত হৈছিল । কিন্তু বিচাৰকসকলে হঠাতে খেল বন্ধ কৰি দিয়ে । ৰিপ্লেত স্পষ্টকৈ দেখুওৱা হৈছিল যে চীনা দৌৰবিদ উ য়ান্নী আৰু ভাৰতীয় খেলুৱৈগৰাকীয়ে সংকেত দিয়াৰ পূৰ্বে দৌৰ আৰম্ভ কৰিছিল । যাৰ বাবে বিচাৰকসকলে য়ান্নী আৰু ভাৰতৰ য়াৰাজীক অযোগ্য় ঘোষণা কৰে ।য়াৰাজীয়ে কিছু সময়ৰ বাবে তাত থিয় হৈ প্ৰতিবাদ কৰে আৰু কিছু সময়ৰ বাবে এই দৌৰ বন্ধ হৈ থাকে । পাছত, বিচাৰকসকলে তেওঁলোক দুয়োকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে আৰু য়ান্নীয়ে চীনা লিন য়ুৱেইৰ পাছত দ্বিতীয় স্থান লাভ কৰে আৰু য়াৰাজীয়ে তৃতীয় স্থান লাভ কৰে । অৱশ্যে ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে তাৎক্ষণিকভাৱে প্ৰতিবাদ কৰে আৰু মিনিটৰ ভিতৰতে য়ান্নীক কাৰিকৰী নিয়ম ১৬.৮ ৰ অধীনত অযোগ্য ঘোষণা কৰা হয় আৰু য়াৰাজীৰ ব্ৰঞ্জৰ পদক ৰূপলৈ উন্নীত কৰা হয় ।এএফআইৰ মতে ব্ৰেকিং দ্য গান নিয়মৰ অধীনত প্ৰথমে চীনা খেলুৱৈ য়ান্নীয়ে দৌৰিছিল আৰু তেওঁ দৌৰাৰ লগে লগে স্বাভাৱিকতে বাকীসকলে অৰ্থাৎ ভাৰতীয় খেলুৱৈগৰাকীয়েও দৌৰিছিল । সেয়ে নিৰ্দিষ্ট নিয়মৰ অধীনত য়ান্নীয়ে প্ৰথমে ভুল কৰিছিল আৰু তেওঁ অযোগ্য ঘোষণা কৰিব লাগে । কিন্তু ভাৰতীয় খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাটো উচিত নাছিল বুলি এএফআইয়ে দাবী কৰে । খেলৰ অন্তত এএফআইয়ে বিচাৰকসকলৰ সিদ্ধান্তক সমালোচনা কৰি প্ৰতিবাদ কৰে আৰু অৱশেষত দ্বিতীয় স্থান লাভ কৰা য়ান্নীক অযোগ্য ঘোষণা কৰা হয় । লগে লগে তৃতীয় স্থানত থকা জ্যোতি য়াৰাজী দ্বিতীয় স্থানলৈ উন্নীত হয় আৰু ৰূপৰ পদক লাভ কৰে ।

Exit mobile version