Site icon Guwahati Times

বিশিষ্ট কবি,ৰাংচিনা কনিষ্ঠ মহাবিদ্যালয়ৰ সহকাৰী গ্ৰন্থাগাৰিক গীতা হেতাৰীৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

 

নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–বিশিষ্ট প্ৰচাৰ বিমুখ কবি তথা পশ্চিম কাৰ্বি-আংলং জিলাৰ ডংকাম’কামৰ ৰাংছিনা জুনিয়ৰ কলেজৰ সহকাৰী গ্ৰন্থাগাৰিক গীতা হেতাৰীৰ স্মৃতিচাৰণ সভাখনি সোমবাৰে প্ৰয়াত তথা স্বামী আৰক্ষী বিষয়া কুশ চন্দ্ৰ দেউৰীৰ বাসগৃহত অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ তথা অভিনয় শিল্পী সুজিত কুমাৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিতে ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জ্যোতিশংকৰ নাৰায়ণ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা “শ্ৰদ্ধাঞ্জলি” শীৰ্ষক গ্ৰন্থখনিও উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে ৰহা উন্নয়ণ খণ্ডৰ সচিব তথা বিশিষ্ট সমাজকৰ্মী টংকেশ্বৰ কলিতাই। ইয়াৰ উপৰি সদৌ অসম কবি সন্মিলনৰ ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ হৈ এখনি শোক প্ৰস্তাৱ পত্ৰ কুশ চন্দ্ৰ দেউৰীক প্ৰদান কৰে শাখাটিৰ উপ-সভাপতি ৰিপামণি বৰা,সম্পাদক আৰতি মেধি আৰু প্ৰচাৰ সম্পাদক মান্না ৰাজাই। সভাত উপস্থিত থাকি ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে গীতা হেতাৰীৰ স্মৃতিচাৰণ কৰি শোকাৰ্ত হৈ পৰে । নৱজ্যোতি বৰাই সহযোগ কৰা জ্যোতিশংকৰ নাৰায়ণ বৰুৱাই আঁত ধৰা সভাখনিত নগাঁও মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড°তোষেশ্বৰ নাথ,শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক মৃদুল কুমাৰ নেওগ,কবি মদাৰজ্যোতি, নেহৰু ক্লাবৰ প্ৰাক্তন সভাপতি অৰূপ কুমাৰ ডেকা,ভিবজিঅ’ৰ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি বীৰেন্দ্ৰ কুমাৰ ডেকা,শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তেতেলীয়া শাখাৰ সম্পাদক বাবুল বৰদলৈ,পূব-শালমৰা তিৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি পিপিকান্ত বৰদলৈ, উপদেষ্টা বুদ্ধেশ্বৰ দেউৰী,অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক বুধিন পেগু,পায়’নিয়াৰ জুনিয়’ৰ কলেজ সঞ্চালক প্ৰশান্ত বৰা,মান্না দাস,ৰঞ্জিত কুমাৰ ডেকা, সাংবাদিক সমীৰা হাজৰিকা, পলাশ হাজৰিকা,কুঞ্জ কাকতি, দিগন্ত ৰঞ্জন ৰাজা,মুকুট বৰা, ভাৰত বৰদলৈ,কানু শইকীয়া, জয়ন্ত বৰা,দীপ্তি শইকীয়া প্ৰমুখ্যে বিশিষ্ট কবিসকল উপস্থিত থাকে । উল্লেখ্য যে ২০১৮চনৰ পৰা যোৱা কৰ্কট ৰোগৰ সৈতে সংগ্ৰাম কৰি কৰি অৱশেষত যোৱা ২২ ছেপ্টেম্বৰত ৫১বছৰ বয়সত মৃত্যুৰ ওচৰত হাৰ মানিছিল কবি-গ্ৰন্থগাৰিক গীতা হেতাৰীয়ে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version