গুৱাহাটী ৩অক্টোবৰ ২০২৩-: অসম এথলেটিকছ সন্থাৰ নৱ নিৰ্বাচিত সমিতিয়ে আজি মহানগৰীৰ ৰয়েল ডি কাছা হোটেলত নতুন কমিটিৰ সকলোৰে উপস্থিতিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰে। ৰাজ্যৰ কেবিনট মন্ত্ৰী তথা অসম এথলেটিক সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি জয়ন্তমল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসমৰ এথলেটিক জগতখনৰ উত্তৰণ তথা এথলীট সকলৰ উন্নতমানৰ প্ৰশিক্ষনৰ বিষয় গুৰুসহকাৰে আলোচ্য হয়। অসম এথলেটিক সন্থাৰ নৱ-নিৰ্বাচিত সম্পাদক গীতাৰ্থ গোস্বামীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত সভাপতি জয়ন্তমল্ল বৰুৱাই ‘গাৱে গাৱে গৈ সকলোৱে নতুন খেলুৱৈৰ সন্ধান কৰিব লাগে বুলি মত পোষন কৰে। আনহাতে ‘অসম এথলেটিক এতিয়া নতুন উদ্দ্যমেৰে আগবাঢ়িব বুলি উদ্দেশ্য বাখ্যাত মন্তব্য প্ৰদান কৰে সম্পাদক গীতাৰ্থ গোস্বামীয়ে। সভাত উপস্থিত অসম এথলেটিক সন্থাৰ বিষয়-ববীয়া সকলে আগন্তুক প্ৰশিক্ষন সম্পৰ্কে বহু দিঘলীয়া সময় লৈ আলোচনাত মিলিত হৈ বিভিন্নগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । আনহাতে অসমৰ এথলেটিকছ ক্ষেত্ৰখনৰ উত্তৰণৰ লগতে ব্যাপক ৰূপত প্ৰসাৰ সম্পৰ্কে বিশেষদভাৱে সকলোৱে আলোচনাত মিলিত হৈ নিজৰ নিজৰ মতামত আগবঢ়াই। এইখন সভাতেই অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱাই অসমৰ এথলেটিকছৰ লগতে খেলুৱৈসকলক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব বুলি শক্তিশালী কন্ঠৰে মন্তব্য আগবঢ়োৱাৰ লগতে আগন্তুক খেল মহাৰণৰ বিভিন্ন দিশ সম্পৰ্কে উপস্থিত বিষয়-ববীয়া সকলোৰে সৈতে মত-বিনিময় কৰে। উল্লেখ যে সভাৰ কাৰ্যসূচী মতে আগন্তুক ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিক আৰু গোৱা ৰাষ্ট্ৰীয় গেমছলৈ অসম দলৰ প্ৰস্ততি সম্পৰ্কেও বিষদভাৱে আলোচনা কৰা হয়। আজিৰ সভাত এথলেটিক সন্থাৰ বিষয়-ববীয়াসকলৰ লগতে অসম গৌৰৱ হিমা দাসো উপস্থিত থাকে।
◼️গুৱাহাটীত অসম এথলেটিক দলৰ বাছনি শিবিৰ
ইপিনে কলিকতাৰ চল্টলেক ষ্টেডিয়ামত ১৭-১৯তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া ৩৪সংখ্যক পূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতাত অসম দলৰ অংশগ্ৰহনৰ বাবে অসম এথলেটিকছ সন্থাই খেলুৱৈ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত অহা ৭-৮অক্টোবৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অসম দলৰ বাছনি শিবিৰ। অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই বাছনি শিবিৰত ১৪,১৬,১৮ আৰু ২০বছৰ বয়সৰ লৰা-ছোৱালীৰ বাছনি শিবিৰত অসমৰ প্ৰত্যেকখন জিলাৰ পৰা ৭শতাধিক খেলুৱৈয়ে বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহন কৰিব।ইতিমধ্যে অসম এথলেটিকছ সন্থাই প্ৰতিখন জিলাৰ এথলীট,প্ৰশিক্ষক- মেনেজাৰ আৰু অফিচিয়েলসকলক আদৰিবলৈ সাজু হৈছে বুলি জনাইছে সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে।আনহাতে এই বাছনি শিবিৰৰ পৰা বাছনিকৃত খেলুৱৈ সকলক বিশেষ শিবিৰ অনুষ্ঠিত কৰি কলিকতালৈ প্ৰেৰণ কৰা হব বুলি জনাইছে অসম এথলেটিকছ সন্থাই।

