Site icon Guwahati Times

ছিকিমত সন্ধানহীন নলবাৰীৰ এটা পৰিয়াল…

ভয়ংকৰ দুৰ্যোগৰ পিছৰে পৰাই নাই যোগাযোগ

ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ পিছত তিস্তা নদীৰ ওপৰত থকা বান্ধ ভাঙি যোৱাৰ ফলত উত্তৰ ছিকিমত তিস্তা নদীৰ নামনি অংশত বানপানীৰ সৃষ্টি হয়। ছিকিমৰ বহু অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই বানত বহু লোক সন্ধানহীন হয়। কিছু লোকক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও ১৪২গৰাকী সন্ধানহীন হৈ আছে।

নলবাৰীৰ এটা পৰিয়াল ছিকিমত সন্ধানহীন হৈ আছে। ১ অক্টোবৰত স্বামী-স্ত্ৰীসহ ভগ্নী ছিকিমলৈ ফুৰিবলৈ গৈছিল। বৰ্তমানলৈ নজৰুল ইছলাম আৰু মুকুতা আহমেদসহ ভগ্নীৰ কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই। পৰিয়ালে তেওঁলোকৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই। বৰ্তমান ছিকিমত যোগাযোগ ব্যৱস্থাত ব্যাঘাত জন্মাৰ বাবে হয়তো নলবাৰীৰ তিনিও সন্ধানহীন লোকৰ সৈতে পৰিয়ালৰ যোগাযোগ সম্ভৱ হৈ উঠা নাই। পৰিয়ালে অনুমান কৰিছে যে তেওঁলোক হয়তো কোনো ঠাইত আৱদ্ধ হৈ আছে। গতিকে চৰকাৰলৈ সন্ধানহীন তিনিওৰে সৈতে যোগাযোগ কৰোৱাবলৈ পৰিয়ালে আহ্বান জনাইছে।

SDRF আৰু NDRFৰ দৰে যুদ্ধগতিত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এইপৰ্যন্ত ২৬ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৭ গৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত ২৬ গৰাকী লোক আহত হৈছে। বান বিধ্বস্ত ছিকিমলৈ কেন্দ্ৰই ৪৪.৮ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।

Exit mobile version