Site icon Guwahati Times

কৰিমগঞ্জত চাঞ্চল্যকৰ ঘটনা; শিলেৰে মৰিয়াই স্বামীক হত্যা পত্নীৰ

কৰিমগঞ্জৰ নয়াবাৰীত লোমহৰ্ষক হত্যাকাণ্ড। পত্নীৰ প্রহাৰত মৃত্যু অজয় নাথ নামৰ অৱসৰপ্ৰাপ্ত এছ এছ বি জোৱানৰ ।

শুকুৰবাৰে এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আনে স্থানীয় লোকে ৷ প্ৰাপ্ত খবৰ অনুসৰি , বৃহস্পতিবাৰে নিশা সুদীপা নাথ নামৰ মহিলা গৰাকীয়ে নিজ স্বামী অজয় নাথৰ মুৰত শিলেৰে মৰিয়াই নৃশংসভাৱে হত্যা কৰে ৷

আজি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ঘাটক সুদীপা নাথক।

কি কাৰণত অৱসৰপ্ৰাপ্ত সেনা জোৱানক নিজ পত্নীয়ে হত্যা কৰিলে এই সন্দৰ্ভত জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ তদন্ততহে হত্যাকাণ্ড তথ্য পোহৰলৈ আহিব ৷

Exit mobile version