Site icon Guwahati Times

১০,০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত BDO শেৱালী চক্ৰৱৰ্তী

উৎকোচ লৈ এইবাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নগাঁৱৰ আৰ এছ এছ নেতাৰ পত্নী তথা খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী। হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীক দেওবাৰে বিয়লি মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কঠিয়াতলীৰ পৰা আটক কৰে।

হোজাইৰ বিনাকান্দি খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা চক্ৰৱৰ্তীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি-অনিয়মৰো অভিযোগ সঘনাই উত্থাপিত হৈ আহিছে। আজি দুৰ্নীতি নিবাৰক শাখাই ১০,০০০ টকা উৎকোচ লোৱাৰ অভিযোগত নিজৰ কাৰ্যালয়ৰ পৰা নগাঁও চহৰৰ গৃহভিমুখে আহি থকা অৱস্থাত কঠিয়াতলীৰ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে আটক কৰে বিষয়া গৰাকীক।

পাছত চক্ৰৱৰ্তীক কঠিয়াতলীৰ জুতিলগা ধাৱাত দুৰ্ণীতি নিৱাৰক শাখাৰ দলটোৱে জেৰা অব্যাহত ৰাখে । আনহাতে ,দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে নগাঁও চহৰৰ আমোলাট্ৰিস্থিত বাসগৃহতো তালাচী চলায় ।অৱশ্যে বিষয়া গৰাকীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত এই পৰ্যন্ত দুৰ্নীতি নিবাৰক শাখাই সংবাদ মাধ্যমৰ আগত কোনো তথ্য প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে নগাঁও জিলাৰ খাগৰিজান আৰু পাখিমৰীয়া উন্নয়ন খণ্ডত কাৰ্যনিবাহ কৰা শেৱালী চক্ৰৱৰ্তীয়ে এম জি এনৰেগা আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। স্বামী ব্ৰজজ্যোতি শৰ্মা আৰ এছ এছৰ নেতা হোৱাৰ সুবাদতে এইগৰাকী বিষয়াই চৰকাৰী বিভিন্ন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি সংঘটিত কৰি লুণ্ঠন চলাইছিল।

Exit mobile version