Site icon Guwahati Times

আপোনাৰ এইসমূহ অভ্যাসৰ বাবে হ’ব পাৰে আৰ্থ্ৰাইটিছ..

আজিকালি অধিকাংশ লোক ৰোগীয়া হোৱাৰ কাৰণ মূলতে অস্বাস্থ্যকৰ জীৱনশৈলী।ভুল খাদ্যভাষ আৰু সক্ৰিয় নোহোৱাৰ ফলত ওজন বৃদ্ধি হয়। ইয়াৰ ফলত শৰীৰৰ আন আন বেমাৰৰ লগতে গাঁঠিত বিষ হয়।গাঁঠিৰ বিষ হোৱাটো আৰ্থ্ৰাইটিছৰ মূল কাৰণ। আৰ্থ্ৰাইটিছে সাধাৰণতে আঁঠু, কঁকাল, মেৰুদণ্ড আৰু হাতক বেছিকৈ প্ৰভাৱিত কৰে। গাঁঠিৰ কাৰ্টিলেজ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত পুনৰ আৰোগ্য কৰিব নোৱাৰি। সেয়েহে, গাঁঠিৰ কাৰ্টিলেজৰ ক্ষতি প্ৰতিহত কৰিবলৈ সময় মতে শৰীৰৰ যত্ন লোৱাটো খুবেই জৰুৰী।মহিলাৰ আৰ্থ্ৰাইটিছৰ সমস্যাৰ বহুতো কাৰণ থাকিব পাৰে। আজি সেইবিষয়ে জানো আহক-

হিল পিন্ধা

মহিলাসকলে আৰ্থ্ৰাইটিছত ভোগাৰ মূল কাৰণ হৈছে হিল পিন্ধা। দীঘলীয়া সময়ৰ বাবে হিল পিন্ধিলে গাঁঠিৰ বিষৰ প্ৰচণ্ড বিষ হ’ব পাৰে।যদি হিল পিন্ধাৰ ফলত আপুনি গাঁঠিৰ বিষ অনুভৱ কৰে, সেইদিনাৰ পৰাই হিল পিন্ধা বন্ধ কৰিব।

মেদবহুলতা

আৰ্থ্ৰাইটিছৰ মূল কাৰণ হৈছে মেদবহুলতা। শৰীৰটোত চৰ্বি হোৱাৰ ফলত গাঁঠিত ইয়াৰ প্ৰভাৱ পৰে। অতিৰিক্ত চৰ্বিৰ ফলত গাঁঠিৰ কাৰ্টিলেজ ক্ষতিগ্ৰস্ত হয়।

ধূমপান

বিশেষজ্ঞসকলৰ মতে ধূমপানেও গাঁঠিৰ যথেষ্ট ক্ষতি কৰে। ধূমপানৰ ফলত আপুনি গুৰুতৰ আৰ্থ্ৰাইটিছৰ চিকাৰ হ’ব পাৰে।সেয়েহে, ধূমপান ত্যাগ কৰি আপুনি আৰ্থ্ৰাইটিছৰ সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰে।

ভুলকৈ ব্যায়াম কৰা

কিছুমান লোকে ব্যায়াম কৰে ঠিকেই, কিন্তু সঠিকভাৱে নকৰে। চিকিৎসকৰ মতে, ভুল ভংগীত বহি দীঘলীয়া সময়ৰ বাবে যোগাভ্যাস কৰিলে গাঁঠিৰ ওপৰত অধিক ওজন পৰে। ইয়াৰ ফলত কাৰ্টিলেজ দ্ৰুতগতিত ক্ষয় হয়।পিছত এই সমস্যাটো আৰ্থ্ৰাইটিছলৈ ৰূপান্তৰিত হয়।

Exit mobile version