Site icon Guwahati Times

নগাঁৱৰ কচুৱাৰ লুটুমাৰীৰ যুৱক সদানন্দ বৰা সন্ধানহীন

নিউজ ব্যুৰ’,নগাঁও,২৭অক্টোবৰ:–নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ এজন যুৱক সন্ধানহীন হৈ থকাৰ বাতৰিয়ে পৰিয়ালৰ সদস্যসকলক চিন্তিত কৰি তুলিছে সন্ধানহীন হৈ থকা যুৱকজন হৈছে লুটুমাৰীৰ সদানন্দ বৰা । বৰ্তমান যুৱকজনৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ সদস্যই । প্ৰাপ্ত বাতৰি মতে সদানন্দ বৰাই ২১অক্টোবৰত কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ ৰেলৰে গৈ থকা অৱস্থাত ঘৰৰ পৰিয়ালক ২৪ অক্টোবৰৰ নিশা ১১ বজাত ফোন কৰি জনাই যে তেওঁক কেইজনমান মানুহে অনুসৰণ কৰি আছে। এই ঘটনাৰ পাছৰে পৰাই যুৱকজনৰ ম’বাইল ফোনটো চুইটছ অফ হৈ যোৱাৰ পাছত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । দুৰ্ভগীয়া পৰিয়ালটোৱে উপায় বিহীন হৈ আইনৰ কাষ চাপিছে যদিও কোনো সম্ভেদ পোৱা নাই যুৱকজনৰ। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সন্ধানহীন সদানন্দ বৰা নামৰ যুৱকজনক কিবা ব্যৱস্থা কৰি সু-শৰীৰে পৰিয়ালৰ মাজলৈ অনাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে উপায়ন্তপ পৰিয়ালৰ লোকে।ইতিমধ্যে কামপুৰ,হোজাই আৰু চাপৰমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ।
সন্ধানহীন হোৱাৰ পিছৰ পৰাই পৰিয়ালৰ লোকে সদানন্দ বৰাক বিভিন্ন ঠাইত যোগাযোগ কৰিও কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক । যদি যুৱকজনৰ কোনো ব্যক্তিয়ে কিবা সম্ভেদ পাই তেন্তে ৬০০৩১০৬৬৫৯ অথবা ৯৭০৬২৭৫৫৬৩ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version