Site icon Guwahati Times

নগাঁৱৰ বঢ়মপুৰৰ ভক্তিপ্ৰদীপ দিহানাম দলৰ উদ্যোগত প্ৰতিযোগিতা

নিউজ ব্যুৰ’,নগাঁও,৩০অক্টোবৰ:– নগাঁও জিলাৰ বঢ়মপুৰৰ ভক্তিপ্রদীপ দিহানাম দলৰ উদ্যোগত আৰু সমূহ বঢ়মপুৰবাসী ৰাইজৰ সহযোগত শনিবাৰে দিনযোৰা কাৰ্য্যসূচীৰে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত সেই উপলক্ষে দিহানাম প্ৰতিযোগিতাৰ অনুষ্ঠানৰ পুৱা ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজকর্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দয়াৰাম কলিতাই । ইয়াৰ পাছতে উদ্যোক্তাসকলৰ ফালৰ পৰা বন্তি প্ৰজ্বলন কৰাৰ পাছত প্ৰসাদ বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয় । দিহানাম প্ৰতিযোগিতাৰ আৰম্ভণিতে ভক্তিপ্রদীপ দিহানাম দলৰ দ্বাৰা “প্ৰদৰ্শনী” নামেৰে মঞ্চ মুকলি কৰা হয় । ১৮টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত যুটীয়াভাৱে প্ৰথম স্থান দখল কৰে দক্ষিণপাটৰ নৱসুৰুজ নামতি দল আৰু ভোমোৰাগুৰি আঞ্চলিক নামতি দলে। যুটীয়াভাৱে দ্বিতীয় স্থান দখল কৰে ২নং কাকীৰ কল্পতৰু শিল্পী সংঘ আৰু মৰিগাঁৱৰ কৃষ্ণচূড়া নামতি দলে । যুটীয়াভাৱে তৃতীয় স্থান দখল কৰে শিমলুগুৰিৰ বিষ্ণুপ্রিয়া নামতি দল আৰু পশ্চিম কাৰ্বি আংলঙৰ শিৰোমণি শান্তিবিকাশ নামতি দলে । ইফালে শ্ৰেষ্ঠ নামতি মৰিগাঁৱৰ হৰিভকতি নামতি দলে লাভ কৰে। শ্ৰেষ্ঠ খোলবাদক ২ নং কাকীৰ কল্পতৰু শিল্পী সংঘ,শ্ৰেষ্ঠ নাগাৰাবাদক ভোমোৰাগুৰি আঞ্চলিক নামতি দল,শ্ৰেষ্ঠ সৰুতালবাদক ডিমৰুগুৰিৰ শংকৰ মাধৱ শিল্পী সমাজ দল আৰু শ্ৰেষ্ঠ বৰতালবাদক বালিগাঁৱৰ শংকৰী কলাকৃষ্টি নামতি দলে লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে লক্ষ্মী পূজাৰ দিনা পুৱতি নিশালৈকে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল বঢ়মপুৰৰ আকাশ-বতাহ । বিজয়ী আৰু পাৰদৰ্শী দলসমূহক নগদ ধন,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভক্তিপ্ৰদীপ দিহানাম দলৰ সভানেত্ৰী চম্পা বৰা, সম্পাদিকা প্ৰতিভা বৰা,উপ-সভাপতি মহেন্দ্ৰ শইকীয়া,সহ:সম্পাদক কল্যাণ কেকাৰৰ লগতে স্থানীয় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version