Site icon Guwahati Times

আজমলক মুছলিম যুৱকক ক্ষমা খুজিবলৈ আহ্বান…

আজি বিয়লি ধুবুৰীৰ ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল হামিদে। সংবাদ মেলখনত ধুবুৰীৰ স্থানীয় সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ সাম্প্রতিক এক মন্তব্যক লৈ খৰ্গহস্ত হৈ পৰা দেখা যায় ধুবুৰীৰ প্ৰাক্তন সাংসদগৰাকী। সংবাদমেলখনত সাংসদ আজমলক মুছলিম যুৱকৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনায় আব্দুল হামিদে। আনকি তেওঁ আজমলৰ শীক্ষা-দীক্ষাক লৈ প্ৰশ্ন উত্থাপিত কৰে আজিৰ সেই সংবাদ মেলখনত। সংবাদ মেলখনত কংগ্ৰেছ দলৰ ধুবুৰী জিলা সভাপতি আবেদুৰ জামানকে ধৰি দলটোৰ কেইবা গৰাকী স্থানীয় বিষয়ববীয়া উপস্থিত আছিল।

Exit mobile version