Site icon Guwahati Times

দেশত ১২ শতাংশ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা, সৰহসংখ্যক দুৰ্ঘটনাৰে মূল কাৰণ তীব্ৰ বেগ

যোৱা বছৰ পথ দুৰ্ঘটনাত ১,৬৮,৪৯১ জন লোকৰ মৃত্যু হৈছিল আৰু আহত হৈছিল ৪,৪৩,৩৬৬ জন। ২০২১ চনৰ তুলনাত মৃত্যুৰ সংখ্যা ৯.৪ শতাংশ আৰু আহতৰ সংখ্যা ১৫.৩ শতাংশ বৃদ্ধি পাইছে।

২০২২ চনত ৩.৩ লাখতকৈ অধিক পথ দুৰ্ঘটনাৰ কাৰণ তীব্ৰ বেগ। আনহাতে বাকী পথ দুৰ্ঘটনা সমূহৰ কাৰণ- সুৰাপান কৰি গাড়ী চলোৱা, যান-বাহন নিয়ম উলংঘন আদি।

প্ৰতিবেদন অনুসৰি ২০২২ চনত যান-বাহন নিয়ম উলংঘন শ্ৰেণীৰ অধীনত অত্যাধিক দ্ৰুত গতিৰ (৭১.২শতাংশ) ফলত সৰ্বাধিক মৃত্যু হৈছিল। ভুলকৈ গাড়ী চলোৱাৰ বাবে (৫.৪ শতাংশ) লোকৰ মৃত্যু হৈছিল।

আনহাতে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত ১০,০০০ ৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছিল। ইয়াৰোপৰি ৰঙা লাইটৰ নিয়ম উলংঘন কৰাৰ বাবে হোৱা দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে।

Exit mobile version