Site icon Guwahati Times

বৰাজুলি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ/তিনিটা বাসগৃহ ভাঙি তহিলঙ

বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ নতুন কথা নহয়।বিগত 15/20বছৰ ধৰি বিহালীৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰি আহিছে। এইবাৰো বিহালীৰ বিভিন্ন স্থানত পকাধান খাই আৰু মহতিয়াই অনিষ্ট সাধন কৰিছে।

প্ৰত্যেক নিশাই বিহালী বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ষষ্ঠ সৎযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে খেতি পথাৰ অনিষ্ট কৰে।যোৱা নিশা বৰাজুলি গাৱত এটা বনৰীয়া হাতী প্ৰবেশ কৰি তাৰা ভট্টৰাই, কৃষ্ণ ভট্টৰাই আৰু উৎপলা দেবীৰ ঘৰ ভাঙি তহিলঙ কৰে। কোনো মতে পলাই প্ৰাণ বচাবলৈ সক্ষম হৈছে তাৰা ভট্টৰাই। আনহাতে পৰহি ওৰাঙ চুবুৰীত 30/35টা মান বনৰীয়া হাতীৰ জাকে পথাৰত প্ৰবেশ কৰি পকা ধান খাই অনিষ্ট কৰে। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে অঞ্চলটোৰ দল সৎগঠনে দাবী জনাই আহিছে যদিও বিভাগে স্হায়ী সমাধান নকৰাত জনসাধাৰণৰ অসুবিধা হৈছে।

Exit mobile version