Site icon Guwahati Times

৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত ৰাজ্যজুৰি স্কুটী বিতৰণ,প্ৰদান কৰা হ’ব বাণীকান্ত কাকতি বঁটা

ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ আৰু উচ্চতৰ মাধ্যমিকক ৬০ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে ৷

বুধবাৰে দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ২৯ নৱেম্বৰত আনন্দৰাম বৰুৱা বঁটা আৰু ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত বাণীকান্ত কাকতী বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সেই অনুসৰি ২৯ নৱেম্বৰত মেট্ৰিক পৰীক্ষাত ৭৫শতাংশ লাভ ২৭,১৮৩ গৰাকী শিক্ষাৰ্থীক কম্পিউটাৰ কিনিবলৈ দিয়া হ’ব ১৫ হেজাৰ টকাকৈ ৷

আনহাতে ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ লাভ কৰা ৩৫,৭৭৬ ছাত্ৰ- ছাত্ৰীৰ মাজত বিতৰণ কৰা হ’ব স্কুটী ৷ ২৯ ,৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত প্ৰতিখন জিলাত আয়োজিত বিশেষ অনুষ্ঠানত কম্পিউটাৰ আৰু স্কুটী বিতৰণ কৰিব মন্ত্ৰীয়ে ৷

কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেলত এই কথা সদৰি কৰে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷

computerউল্লেখ্য যে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকতে ৩ আৰু চাৰি নৱেম্বৰত দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভূটানৰ ৰজা আৰু ৰাণীৰ অসম আগমনৰ প্ৰতি সহাৰী জনাই ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫ খন মেডিকেল আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Exit mobile version