Site icon Guwahati Times

চানমাৰিত নিচাজাতীয় দ্ৰৱ্যসহ চাৰিজনক গ্ৰেপ্তাৰ…

মহানগৰীত গুৱাহাটী আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰখাৰ মাজতে চানমাৰিৰ অসম ইঞ্জিনিয়াৰিং কলেজৰ সমীপত আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী।

বুধবাৰে নিশা প্ৰায় তিনিবজাত বিশেষ সূত্ৰৰ পমখেদি আৰক্ষীয়ে ৩০টা কৰেক্সৰ বটল জব্দ লগতে সৰবৰাহৰ লগত জড়িত চাৰিজন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হয়।

আনহাতে এই অভিযানত নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ কৰা এখন বাহনো জব্দ কৰে আৰক্ষীয়ে।

Exit mobile version