Site icon Guwahati Times

৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাত আস্থা চৌধুৰীৰ সোণৰ পদক অৰ্জন…

৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতা গল্ডেন গাৰ্ল আস্থা চৌধুৰীয়ে চমকপ্ৰদ প্ৰদৰ্শনৰে সোণৰ পদক, বিক্ৰম চেঙমাই ৰূপ পদকৰে উজ্জ্বলিল অসম

গোৱাত অনুষ্ঠিত হৈ থকা ৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাৰ আজি চতুৰ্থ দিন। আজি অনুষ্ঠানত হোৱা সাঁতোৰ প্ৰতিযোগিতাত অসমৰ উদীয়মান সন্তৰণবিদ আস্থা চৌধুৰীয়ে ২০০ মিটাৰ মহিলাৰ বাটাৰ ফ্লাইত ২:২৯:১৯ ছেকেণ্ডত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনৰে অসমৰ বাবে সাঁতোৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰে।

অসম সাঁতোৰ সংস্হাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী জানিবলৈ দিয়ামতে আন এগৰাকী খেলুৱৈ বিক্ৰম চাংমায়ে পুৰুষৰ বাটাৰ ফ্লাইত ২:০৪:১৮ ছেকেণ্ডত ৰূপৰ পদক অৰ্জন কৰে।

আজিৰ দুটা পদক সহ বৰ্তমানলৈ ৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰত অসমে মুঠ ৫ টা অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতা ৪ নৱেম্বৰত অন্ত পৰিব।

Exit mobile version