Site icon Guwahati Times

দৰঙত আছে ৬১৬ গৰাকী যৌনকৰ্মী;  প্ৰশাসনৰ তথ্যত ওলাল দৰঙৰ যৌন কৰ্মীৰ তথ্য

দৰং জিলা আয়ুক্তৰ কাৰ্যালয় শুৱনি কৰি থকা একাংশ ঘোচখোৰ বিষয়াৰ ছত্ৰছায়াত চলিছে আজৱ কাণ্ড। শেহতীয়াকৈ জানিব পৰা মতে, বাণিজ্যিক যৌনকৰ্মীৰ ভৰণ পোষণৰ নামত দৰং জিলা প্ৰশাসনে ব্যয় কৰিছে প্ৰায় ১৫ লাখ টকা।
চৰকাৰী তথ্য মতে এগৰাকী দুগৰাকী নহয় ৬১৬ গৰাকী সক্ৰিয় যৌনকৰ্মী আছে এইখন জিলাত।
এই বিশাল সংখ্যাৰ যৌনকৰ্মীক ক’ভিড কালত খাদ্য যোগান ধৰাৰ নামত মুঠ ১৫ লাখ টকা ব্যয় কৰা বুলি কাগজে পত্ৰই উল্লেখ্য কৰিছে দৰং জিলা প্ৰশাসনে।
জানিব পৰা মতে, ২০২০ – ২০২১ বৰ্ষত দুই লাখ ৫০ হাজাৰ টকা আৰু ২০২১ – ২০২২ বৰ্ষত ১২ লাখ ৩৩ হাজাৰ ২৩২ টকা সহ মুঠ ১৪, ৮৩, ২৩২ টকা ব্যয় কৰা বুলি দেখুওৱা হৈছে৷
যিটো দৰঙত আৰ্শ্চয্যজনক কাৰ্য বুলি কয় বিধায়ক বসন্ত দাস, বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ।

যৌনকৰ্মীৰ নামত ১৫ লাখ টকা খৰছ কৰা বিষয়টোত সন্দেহ হোৱাত তাৰ বিষয়ে জানিবলৈ মঙলদৈ সমষ্টিৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে জিলাখনৰ ক’ত ক’ত বেশ্যালয় তথা যৌনকৰ্মী আছে, তাৰ বিতং তথ্য বিচাৰি যোৱা তিনি অক্টোবৰতেই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক এখন পত্ৰ প্ৰদান কৰিছিল যদিও এমাহে কোনো উত্তৰ তেওঁ নোপোৱাত পুনৰ যোৱা ২৬ অক্টোবৰত জিলা আয়ুক্তৰ হাতত একে পত্ৰ প্ৰদান কৰিছে৷ কিন্তু তথাকথিত সক্ৰিয় প্ৰশাসন যন্ত্ৰটোৱে আজিকোপতি ইয়াৰ উত্তৰ দিয়া নাই।
গতিকে যৌনকৰ্মীৰ নামত খৰছ দেখুওৱা প্ৰায় ১৫ লাখ টকা যে কাৰোবাৰ জেপত সোমাইছে সেইটো ধুৰূপ।
এতিয়া খোদ বিধায়কে দিয়া অভিযোগ জিলা প্ৰশাসনে কিদৰে খণ্ডন কৰে সেইয়া লক্ষণীয় হব।

Exit mobile version