Site icon Guwahati Times

টীম ইণ্ডিয়াত স্থান পাব অসমৰ ৰিয়ান পৰাগে!

বিশ্বকাপৰ পিছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাত ভাৰতীয় দলত ৰিয়ান! অচিৰেই ঘোষণা হ’ব ৫খনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল।

শেহতীয়াকৈ ছৈয়দ মুস্তাক আলী T-20 ক্ৰিকেটত ৭টা অৰ্ধ শতকেৰে বিশ্ব অভিলেখ প্ৰতিষ্ঠা কৰি অসম সন্তান ৰিয়ান পৰাগে দৃষ্টি কাঢ়িছে নিৰ্বাচকৰ। বিশ্বকাপ সামৰণিৰ পিছতে ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৫খনীয়া শৃংখলাৰ প্ৰথমখন খেল। এই শৃংখলাত জিৰণি দিয়া হ’‍ব টীম ইণ্ডিয়াৰ কেইবাগৰাকী জ্যেষ্ঠ খেলুৱৈক। টীম ইণ্ডিয়াৰ দলত ৰিয়ান অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা ক্ৰমাৎ উজ্জ্বল হৈ পৰিছে। ইতিমধ্যে ক্ৰিকেট বিশ্লেষকসকলে ৰিয়ানে অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান পাব বুলি মত প্ৰকাশ কৰিছে।

মুস্তাক আলী প্ৰতিযোগিতাত ১০খন খেলত ৫১০ ৰান ৰিয়ানৰ। ৰিয়ানৰ গড় আছিল ৮৫ আৰু ষ্ট্ৰাইক ৰেট ১৮২.৭৯। ৰাজস্থান ৰয়েল্ছৰ হৈ IPL খেলা ৰিয়ানে লাভ কৰিছিল ১১ উইকেট। বলিঙত ইক’নমী ৰেট আছিল ৭.২৯ আৰু গড় ২৪.৫৪।

দেওধৰ ট্ৰফীতো ৫খন খেলত ৰিয়ানে কৰিছিল সৰ্বাধিক ৩৫৪ ৰান। ৰিয়ানৰ বেটিং গড় আছিল ২৮.৫০, ষ্ট্ৰাইক ৰেট ১৩৬.৬৭। পূব মণ্ডলৰ হৈ ১৯.০৯ গড়ে ৰিয়ানে লাভ কৰিছিল ১১টা উইকেট।
এজন সুদক্ষ ফিল্ডাৰ হোৱাৰ বাবে ৰিয়ানৰ সম্ভাৱনা অধিক উজ্জ্বল।

ভাৰতীয় দলত কেইবাজনো জ্যেষ্ঠ খেলুৱৈক জিৰণি দিয়াৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াক সূৰ্যকুমাৰ যাদৱে নেতৃত্ব দিব বুলি বাতৰি প্ৰকাশ পাইছে।

Exit mobile version