Site icon Guwahati Times

কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

মেৰাপানীত সংঘটিত হৈছে এক জঘন্য কাণ্ড।ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী। অভিযোগ অনুসৰি অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলাই কিশোৰী গৰাকীৰ আত্মীয় তথা সোনটি বৰা নামৰ বিবাহিত যুৱকজনে।

ঘটনাৰ বিৱৰণী অনুসৰি সোনটি বৰাই যোৱা ৯ নবেম্বৰত ক’লাজানৰ নগা পাহাৰৰ দাঁতিত থকা এটা বাসগৃহত ওৰে নিশা নিৰ্যাতন চলাই কিশোৰীগৰাকীক। অপকৰ্মৰ কথা কাৰোৱাৰ আগত ক’লে কাটি মাৰি নদীত উটুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল লম্পটটোৱে।

কিন্তু ১০ নৱেম্বৰত সকলো কথা পোহৰলৈ অহাত মেৰাপানী আৰক্ষী থানাত ছাত্ৰী গৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে । বৰ্তমানেও পলাতক অৱস্থাত আছে লম্পট সোনটি বৰা। ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় মহিলা সকলে।

Exit mobile version