Site icon Guwahati Times

গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা মহিলাক

ডিজিটেল ডেস্কঃ গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা কৰা হ’ল এগৰাকী মহিলাক। গোসাঁইগাঁৱৰ তুলসীবিল থানাৰ অন্তৰ্গত ভোগঝৰা সহৰপুৰ গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। হত্যাৰ বলি হ’ল মাৰ্ছিলা মুৰ্মূ নামৰ মহিলাগৰাকী। মহিলাগৰাকী সহৰপুৰৰ নিবাসী বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, এই হত্যাৰ সৈতে জড়িত লোকজনক ইতিমধ্যে কৰায়ত্ত ৰাইজে কৰায়ত্ত কৰিছে। অভিযুক্তজন ২ নম্বৰ ফুলকুমাৰী গাঁৱৰ লক্ষ্ণ টুডু বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, লক্ষ্ণ টুডুৱে ইতিমধ্যে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

অভিযুক্ত লক্ষ্ণ টুডুৱে মহিলাগৰাকীৰ সৈতে সুৰাপান কৰি তেওঁক সুৰাসক্ত কৰি এই হত্যাকাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Exit mobile version