Site icon Guwahati Times

সদৌ অসম আহোম সভাৰ ত্ৰি বাৰ্ষিক অধিৱেশন সম্পন্ন

টাই আহোম সকলৰ অন্যতম শক্তিশালী সংগঠন সদৌ অসম আহোম সভাৰ মাৰ্ঘেৰিটা অধিৱেশন সম্পন্ন। বুধবাৰে দিন জোৰা কাৰ্য্যসূচীৰে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত সদৌ অসম আহোম সভা মাৰ্ঘেৰিটা জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া আৰু শদিয়া জিলা সমিতিৰ সহযোগত তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু শদিয়া জিলা আহোম সভাৰ ত্ৰি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়।

এই উপলক্ষে মুকলি সভাৰ পূৰ্বে পতকা উত্তোলন কৰে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অমৰ দুৱাৰা আৰু মাৰ্ঘেৰিটা জিলা সমিতিৰ সভাপতি ৰুবুল ফুকনে। মৈদাম তৰ্পণ কৰে অৰূপ ফুকন, ভবেন্দ্ৰ গগৈ আৰু দিগন্ত বৰগোহাঁইয়ে। ইয়াৰ পাছতে টাই আহোম সকলৰ পৰম্পৰাগত ফুৰালুং পূজা, নৃত্য গীত, আদি অনুষ্ঠিত হোৱাৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়। এই মুকলি সভাৰ পৌৰহিত্য কৰে আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অমৰ দুৱৰাই।

মাৰ্ঘেৰিটা জিলা সমিতিৰ সভাপতি ৰুবুল ফুকনে আঁ‌ত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আহোম সভাৰ কেন্দ্ৰীয় সভাপতি ওমা কোঁ‌ৱৰ, নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড়ৰ পৰা অহা নিল কান্ত গগৈ, অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰ, পথাৰ শিল্পী লুইত গগৈ, যুৱ সাংবাদিক মানস প্ৰতিম গগৈ, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ দুই বিষয়ববীয়া ক্ৰমে জানা সন্দিকৈ আৰু প্ৰাঞ্জল গগৈ। অধিৱেশনৰ লগত সংগতি ৰাখি সন্ধিয়ালৈ মাৰ্ঘেৰিটা ই’ক পাৰ্কস্থিত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি বন্তি প্ৰজ্বলন কৰে যুৱ ব্যৱসায়ী ৰূপম গগৈয়ে।

Exit mobile version