Site icon Guwahati Times

ভাৰতীয় সেনাৰ হাতত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাই নিহত কৰিলে জম্মু আৰু কাশ্মীৰৰ উৰি চেক্টৰত ২ জন সন্ত্ৰাসবাদীক। এই সন্ত্ৰাসবাদীকেইজনে ভাৰতীয় সীমান্তত অবৈধভাৱে প্ৰৱেশ কৰাৰ চেষ্টা কৰি আছিল।

সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে। ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অনুসন্ধান চলাই আছে।

কাশ্মীৰ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই বিষয়ে জনাইছে। ছচিয়েল মিডিয়াত আৰক্ষীয়ে লিখে যে, ভাৰতীয় সেনাই উৰিত অনুপ্ৰৱেশকাৰীৰ চেষ্টা বিফল কৰিছে।লগতে এয়াও জনাই যে তেওঁলোকক বাধা দিবলৈ গুলীচালনা কৰাত পাকিস্তানৰ তৰফৰ কেইবাজনো সন্ত্ৰাসবাদী আহত হৈছে।

উল্লেখ্য যে, তুষাৰপাতৰ বাবে কম দৃশ্যমানতাৰ সুযোগ লৈ সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে ভাৰতীয় সৈন্যসকলে এই কঠিন পৰিস্থিতিতো সীমান্তত সতৰ্ক হৈ থাকে।

Exit mobile version