Site icon Guwahati Times

এতিয়াও উদ্ধাৰ হোৱা নাই উত্তৰ প্ৰদেশৰ সুৰংগত আবদ্ধ ৪০ শ্ৰমিক

এতিয়াও সফল হোৱা নাই উত্তৰ প্ৰদেশ ৰাজ্যৰ উত্তৰ কাশীত সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান। অৱ্যাহত আছে ৪০গৰাকী শ্ৰমিকৰ উদ্ধাৰ অভিযান পৰ্ব।

উল্লেখ্য যে, যোৱা দেওবাৰে উত্তৰকাশীত নিৰ্মীয়মাণ এটা সুৰংগত সংঘটিত হৈছিল ভূমিস্খলন। ফলত সুৰংগটোৰ কাম কৰি থকা অৱস্থাতে ৪০ গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰিছিল।

ঘটনা সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পাছতো উদ্ধাৰ নোহোৱা শ্ৰমিকৰ বিপৰীতে দুগৰাকী শ্ৰমিক অসুস্থ হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে পাইপেৰে খাদ্য,অক্সিজেন,দৰৱ-পাতি যোগান ধৰা হৈছে।

Exit mobile version