Site icon Guwahati Times

২৪০ ভিতৰত ১০০খনতে খলনায়কৰ চৰিত্ৰত অভিনয় কৰা পৰেশ ৰাৱালৰ আজি ৬৮তম জন্মদিন

হেৰা ফেৰীৰ বাবু ভাইয়াই হওক বা ৱেলকামৰ ঘুংৰু ছেঠেই হওক বা হাংগামাৰ ৰাধেশ্যাম তিৱাৰীয়েই হওক, উৎকৃষ্ট কমিক টাইমিং আৰু অভিনয়ৰ বাবে পৰিচিত পৰেশ ৰাৱালে আজি ৬৮তম জন্মদিন উদযাপন কৰিছে। আপুনি পৰেশ ৰাৱালক ৰূপালী পৰ্দাত এজন ধেমেলীয়া অভিনেতা হিচাপে চিনি পায়, আচলতে তেওঁৰ ব্যক্তিগত জীৱনটোও সমানেই ধেমেলীয়া।

সৰুৰে পৰা পৰেশৰ ছবিৰ প্ৰতি থকা আকৰ্ষণ ইমানেই আছিল যে মাত্ৰ ৯ বছৰ বয়সতে তেওঁ ছবি চাবলৈ টিকট নোহোৱাকৈ থিয়েটাৰত প্ৰৱেশ কৰিছিল।

২৪০খন ছবিৰ ভিতৰত ১০০খন ছবিত খলনায়কৰ চৰিত্ৰত অভিনয়ঃ

উৎকৃষ্ট অভিনয়ৰ বাবে পৰেশ পৰিচিত। যদি তেওঁ কমেডী কৰি আছে, তেন্তে তেওঁ আপোনাক হাঁহিবলৈ বাধ্য কৰিব আৰু যদি তেওঁক খলনায়কৰ চৰিত্ৰ দিয়া হয় তেন্তে তেওঁ আপোনাক ভয় খুৱাব। ছবিখনৰ নায়ক যিয়েই নহওক কিয়, পৰেশে নিজৰ স্ক্ৰীণ টাইমত তেওঁ ছবিখনত এক শক্তিশালী ভূমিকা পালন কৰে। পৰেশে এই পৰ্যন্ত ২৪০ খন ছবিত কাম কৰিছে। আপুনি জানি আচৰিত হ’ব যে ইয়াৰে ১০০খন ছবিত তেওঁ খলনায়কৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছে।

Exit mobile version