Site icon Guwahati Times

অৱশেষত ভাৰতত উপস্থিত নাইজেৰিয়াত আৱদ্ধ অসমৰ মহিলা বক্সাৰ

অৱশেষত নিজ দেশত উপস্থিত হ’ল নাইজেৰিয়াত আৱদ্ধ হৈ থকা অসমৰ মহিলা বক্সাৰ। সম্পূৰ্ণ ২১দিনৰ পিছত কিঙৰ কৱলৰ পৰা মুক্তি পালে বৰ্ণালী বৰুৱা শইকীয়াই। শনিবাৰে পুৱতি নিশা মুম্বাইত উপস্থিত হয় বক্সাৰগৰাকী।

জানিব পৰা মতে, বিগত ২৮ অক্টোবৰত বেংগালুৰুৰ পৰা নাইজেৰিয়ালৈ ফুৰিবলৈ গৈছিল বৰ্ণালী বৰুৱা শইকীয়া। কিন্তু নাইজেৰিয়া বিমান বন্দৰত কিং নামৰ এজন লোকে বৰ্ণালী বৰুৱা শইকীয়াৰ পাছপৰ্ট আৰু ভিছা চলেৰে কাঢ়ি নিয়ে। তেতিয়াৰে পৰা বক্সাৰগৰাকীক নাইজেৰিয়াত আবদ্ধ কৰি ৰাখিছিল কিং নামৰ যুৱকজনে।

সম্প্রতি মুম্বাইত চিকিৎসাধীন অৱস্থাত আছে বৰ্ণালী বৰুৱা শইকীয়া। উল্লেখ্য যে, মুম্বাইৰ এজন বন্ধুৰ সহায়ত ভাৰতলৈ উভতি আহিবলৈ সক্ষম হৈছে মহিলা বক্সাৰগৰাকী।

Exit mobile version