Site icon Guwahati Times

অসমৰ গ্ৰামাঞ্চলত উপনীত বিকশিত ভাৰত সংকল্প যাত্ৰা

অহা দুমাহত এই যাত্ৰাই ২,৬৬০ ৰোধিক গাঁও পঞ্চায়তক সামৰি ল’ব

ৰাষ্ট্ৰখনৰ প্ৰতিটো প্ৰান্তত উপনীত হ’বলৈ দেশজোৰা যাত্ৰাৰ সমান্তৰালভাৱে আজি অসমৰ সমগ্ৰ গাঁও পঞ্চায়ততে বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হয়। চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কে সজাগতা সৃষ্টি আৰু এইসমূহৰ ১০০% চেচুৰেচন নিশ্চিতকৰণৰ প্ৰয়াস হিচাপে ৩৬ খন ভেনে অহা দুমাহত ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহ ভ্ৰমণ আৰু ইয়াৰ জৰিয়তে প্ৰতিটো প্ৰান্ততে সেৱাসমূহৰ উপলব্ধতা নিশ্চিত কৰিব।

চৰকাৰী আঁচনিৰাজি সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে আইইচি ভেনৰ প্ৰদৰ্শন স্থলীতে সেৱা আগবঢ়াই ৰাইজৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা হ’ব। এই কাৰ্য্যসূচীত স্বাস্থ্য শিবিৰ, টিবি স্ক্ৰিনিং, এনিমিয়া স্ক্ৰিনিং, আয়ুষ্মান কাৰ্ড প্ৰদান, পিএম উজ্জ্বলাৰ নতুন অন্তৰ্ভুক্তি আৰু আপডেচন, মোৰ ভাৰত (My BHARAT) পদক্ষেপ আৰু কেচিচি নামভৰ্তি সেৱাও উপলব্ধ হ’ব।

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ দ্বিতীয় পৰ্য্যায়ৰ প্ৰথম দিনা বজালীত বিকশিত ভাৰত সংকল্প যাত্ৰা উদ্বোধন কৰে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস তথা বজালীৰ জিলা আয়ুক্ত শ্ৰী মৃদুল দাসে। এই কাৰ্য্যসূচীত অনুষ্ঠিত স্বাস্থ্য শিবিৰত বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ লগতে হিতাধীকাৰীসকলৰ মাজত আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়।

অসমত এই যাত্ৰা সম্পৰ্কেঃ

১৫ নৱেম্বৰত জনজাতীয় লোকসকলৰ বসতি প্ৰধান জিলা—বাক্সা, কোকৰাঝাৰ আৰু কাৰ্বি আংলঙত বিকশিত ভাৰত সংকল্প যাত্ৰা উদ্বোধন কৰা হৈছিল। আজিলৈকে বিকশিত ভাৰত সংকল্প যাত্ৰাই প্ৰায় ৩২টা গাঁও পঞ্চায়তক সামৰি লয় আৰু ইয়াত প্ৰায় ১২,৩১১ জন লোকে অংশগ্ৰহণ কৰে। প্ৰদৰ্শন স্থলীত আয়োজিত স্বাস্থ্য শিবিৰত ৪২৯ জন লোকে স্বাস্থ্য-পৰীক্ষা কৰে। এই জিলা কেইখনৰ প্ৰায় ৪৪৪ জন লোকে বিকশিত ভাৰত সংকল্প যাত্ৰাত যক্ষ্মা ৰোগৰ পৰীক্ষা কৰে।

Exit mobile version