Site icon Guwahati Times

নৈশ বাছৰ পৰা উদ্ধাৰ বহিঃৰাজ্যলৈ সৰবৰাহ হোৱা ৭গৰাকীকৈ কিশোৰী-যুৱতী

অসম তথা উত্তৰ-পূবৰ পৰা মানৱ সৰবৰাহৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। নৈশ বাছৰ পৰা উদ্ধাৰ কৰা হৈছে বহিঃৰাজ্যলৈ পঠোৱা ৭গৰাকীকৈ কিশোৰী আৰু যুৱতী। অৰুণাচলৰ নামচাইৰ পৰা গুৱাহাটী অভিমুখী বাছৰ পৰা উদ্ধাৰ কৰা হৈছে কিশোৰী আৰু যুৱতীক কেইগৰাকীক।

প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই উদ্ধাৰ অভিযান। পিংকী কৰ্মকাৰ নামৰ এগৰাকী মহিলাই কিশোৰী আৰু যুৱতীকসকলক লৈ গৈছিল বুলি জানিব পৰা গৈছে। এই সৰবৰাহৰ সৈতে ৰূপৰেখা শৰ্মা নামৰ আন এগৰাকী মহিলাও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

প্রাথমিক অনুসন্ধানৰ অন্তত এয়া মানৱ সৰবৰাহকাৰীৰে কাম বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কিশোৰী আৰু যুৱতীসকলৰ পৰিয়ালক প্রলোভন দি বহিঃৰাজ্যলৈ তেওঁলোকক সৰবৰাহ কৰাৰ সন্দেহ আৰক্ষীৰ।

Exit mobile version