Site icon Guwahati Times

অভিনেত্ৰী চুমি বৰাৰ বিবাহ!

 অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ বিবাহ! অসমীয়া ৰীতি-নীতিৰে উদয়পুৰত তাৰকিক বৰাৰে যুগ্ম জীৱনৰ পাতনি চুমিৰ; উপস্থিত থাকিল বহুকেইজন অসমীয়া তাৰকা, শিল্পী

পুৱা জোৰণেৰে বিবাহৰ ধৰ্মীয় কাৰ্যসূচী আৰম্ভ হয়। এই অনুষ্ঠানত চুমিয়ে গাঢ় নীলা ৰঙৰ মেখেলা চাদৰ পৰিধান কৰে।

অসমৰ এগৰাকী অভিনেত্ৰী তথা কৰিঅ’গ্ৰাফাৰ চুমি বৰাই জনপ্ৰিয় ফটোগ্ৰাফাৰ তাৰকিক বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল।

পৰিয়াল তথা বন্ধু-বান্ধৱ আৰু অসমীয়া চিনেমাৰ জগতৰ তাৰকাসকলৰ উপস্থিতিত কালি দুয়োৱে আজীৱন একেলগে থকাৰ শপত গ্ৰহণ কৰে।

দুদিনীয়াকৈ আয়োজিত চুমি আৰু তাৰকিৰ বিবাহৰ বিভিন্ন কাৰ্যসূচী ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত কৰা হৈছে, য’ত অসমৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা, কন্ঠশিল্পীও উপস্থিত থাকে। যতীন বৰা, দীপলীনা ডেকা, দিক্ষুকে ধৰি অসমৰ বহু তাৰকাই চুমী-তাৰকিকৰ যুগ্মজীৱনৰ আৰম্ভণিৰ সাক্ষী হয়।

২২ নৱেম্বৰত চুমি আৰু তাৰকিকৰ হালধী, মেহেন্দী আৰু সংগীতৰ অনুষ্ঠান সম্পন্ন হয়। ২৩ নৱেম্বৰত অসমীয়া ৰীতি-নীতিৰে চুমী-তাৰকিকৰ বিবাহ সম্পন্ন হয়।

পুৱা জোৰণেৰে বিবাহৰ ধৰ্মীয় কাৰ্যসূচী আৰম্ভ হয়। এই অনুষ্ঠানত চুমিয়ে গাঢ় নীলা ৰঙৰ মেখেলা চাদৰ পৰিধান কৰে।

ইয়াৰ পিছতেই দুয়ো বিবাহৰ শপত লয়। অসমীয়া ৰীতি-নীতিৰে সম্পন্ন কৰা বিয়াত চুমি-তাৰকিকে পাটৰ সাজ পৰিধান কৰে। দুয়োয়ে বৰমালা অনুষ্ঠানো আয়োজন কৰে।

নিশা ক’কটেইল পাৰ্টীৰে উদয়পুৰত বিবাহৰ কাৰ্যসূচী সমাপন কৰে।

এই পাৰ্টীত চুমিয়ে ভাৰতৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ সব্যসাচী মুখোপাধ্যায়ৰ ডিজাইন কৰা গাউন পৰিধান কৰে। মুখ্যত কলা ৰঙৰ কাপোৰযোৰত চুমিক অতি ধুনীয়া দেখা যায়।

দম্পতীহালে ক’কটেইল পাৰ্টীত কেক কটাৰ লগতে নৃত্য কৰাও পৰিলক্ষিত হয়।

জানিব পৰা মতে, দম্পতীহালে অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়তো বিবাহৰ অভৰ্থ্যনা অনুষ্ঠানৰ আয়োজন কৰিব।

সকলো কইনাই নিজে মনীষ মালহোত্ৰা নাইবা সব্যসাচী মুখোপাধ্যায়ৰ কাপোৰ পিন্ধি কইনা হ’ব ইচ্ছা কৰে। চুমি বৰাই নিজৰ বিবাহত ভাৰতৰ এই দুগৰাকী প্ৰখ্যাত ফেশ্বন ডিজাইনাৰৰ ডিজাইন কৰা কাপোৰ পৰিধান কৰিছে।

Exit mobile version