Site icon Guwahati Times

গুৱাহাটীৰ খানামুখত মূৰত পিষ্টল লগাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

গুৱাহাটী মহানগৰীত আৰক্ষীয়ে চোৰ, ডকাইতক মাজে সময়ে এনকাউণ্টাৰ কৰি অহাৰ পাছতো কেৰেপ কৰা নাই একাংশ দুৰ্বৃত্তই। মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত খানামুখত বুধবাৰে পুৱা দুচকীয়া বাহন লৈ অহা দুৰ্বৃত্তই পিষ্টল মূৰত লগাই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিয়ে এডাল সোণৰ চেইন।

উল্লেখ্য যে খানামুখ কেহেৰুবাৰীৰ বৰ্ণালী কলিতা বৰা নামৰ মহিলাগৰাকীয়ে অইন দিনাৰ দৰে বুধবাৰে পুৱা চাৰে আঠমান বজাত নিজৰ সন্তানক গাড়ীত স্কুললৈ পঠাই দি খানামুখ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘৰলৈ উভতাৰ সময়ত খানামুখ কেহেৰুবাৰীৰ পথত এখন বাইকত অহা দুই অচিনাক্ত যুৱকে পিষ্টল মূৰত লগাই ডিঙিত হেঁচা মাৰি ধৰি তৎক্ষণাত মহিলাগৰাকীৰ ডিঙিৰ পৰা কাঢ়ি নিয়ে সোণৰ চেইনডাল।

ইয়াৰ পাছতে দ্ৰুতগতিত বাইকেৰে দুই যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। মহিলাগৰাকীয় ঘটনা সন্দৰ্ভত ইতিমধ্যে আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উল্লেখ্যে যে শেহতীয়াভাৱে মহানগৰীৰ পশ্চিম প্ৰান্তত বৃদ্ধি পাইছে চিলনী চোৰৰ তাণ্ডৱ।

Exit mobile version