Site icon Guwahati Times

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কাৰ বিৰুদ্ধে প্ৰতিবাদ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশজুৰি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিব বুলি ঘোষণা কৰাৰ পাছতে অসমত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিৰোধী ৰাজনৈতিক দলসমূহকে ধৰি বিভিন্ন দল, সংগঠনে প্ৰতিবাদৰ হুংকাৰ দিছিল। সেই হুংকাৰৰ পাছতে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এ জে ৱাই চি পিৰ উদ্যোগত আৰম্ভ হৈছে প্ৰতিবাদ।

ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগত এ জে ৱাই চি পিৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু সংগঠনটোৰ সদস্যসকলে সাব্যস্ত কৰা এই প্ৰতিবাদে উত্তাল ৰূপ ধাৰণ কৰিছে।

প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওঁৰাই। ইয়াৰ পিছতে তেওঁলোকে বিশ্বনাথ জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

Exit mobile version