Site icon Guwahati Times

লংকাত সুদখোৰৰ কবলৰ পৰা ঘৰ মাটি লৈ আৰক্ষীয়ে চমজাই দিলে দূৰ্ভগীয়া মহিলাক।

অভিযোগ দিয়াৰ এঘন্টাৰ ভিতৰত ততাতৈয়াকৈ ব্যৱস্থা লয় হোজাই আৰক্ষীয়ে। হোজাই জিলা আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত এটা আৰক্ষী দলে অভিযোগ পোৱা মাত্ৰই ল’লে ব্যৱস্থা। জানিব পৰা মতে, লংকা পৌৰ সভাৰ ৯ নং বাৰ্ডৰ মিৰা দাস নামৰ এগৰাকী মহিলাই দুবছৰ পূৰ্বে সুদখোৰ সুৰজ দেৱনাথ, দুলু দেৱনাথ, সুমন দেৱনাথ(একেটা পৰিয়াল) পৰা সুদত লৈছিল একলাখ টকা । পিছত, ভোক্তভোগী মহিলা গৰাকীয়ে সৰ্বমুঠ সুদখোৰক ডেৰলাখ টকা দিয়ে যদিও সুদখোৰজনে কৌশলগত ভাবে মাটি বাৰী জব্দ কৰি লয়। ভোক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক লংকাৰ ৯ নং বাৰ্ডত থকা নিজ ঘৰৰ পৰা উলিয়াই দিয়ে। পিছত, মহিলাগৰাকীয়ে মঙ্গলবাৰে হোজাই আৰক্ষীক ঘটনা সন্দৰ্ভত জনোৱাত আৰক্ষীয়ে মহিলীগৰাকীক লগত লৈ আহি নিজৰ মাটি চমজাই দিয়ে। আনহাতে আকৌ, লংকা ৰাজহ চক্ৰৰ কাৰ্য্যলয়ৰ পৰাও বিভাগীয় কৰ্মচাৰী আহি বিহিত ব্যবস্থা গ্ৰহণ কৰে। উক্ত ঘটনাত পলাই থকা সুদখোৰজনৰ ওপৰত আইনমতে বিহিত ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীয়ে জানিবলৈ দিয়ে।

Exit mobile version