Site icon Guwahati Times

আক্ৰাছুত পুনৰ বিভাজনঃবলৰাম বৰ্মনক অসাংবিধানিক ঘোষনা ভাৰপ্ৰাপ্ত সভাপতি সুনীল ৰায়ৰঃ বলৰাম বৰ্মনে ব্যক্তি স্বাৰ্থ পূৰনৰ বাবে ৰাইজক বিভ্ৰান্তি কৰাৰ অভিযোগ সুনাধৰ ৰায়ৰ

আক্ৰাছুত সৃষ্টি হৈছে উলম্ব বিভাজন ৷ অভিযোগ-প্ৰতি অভিযোগত বিভাজিত হৈ সৃষ্টি হল আন এটা গোটৰ ৷ ক্ষমতা কেন্দ্ৰীক লড়াইত জৰ্জৰিত কৰিছে আক্ৰাছুক  ৷ উল্লেখ্য যে বলৰাম বৰ্মন গোটে সাধাৰন সম্পাদক সুনাধৰ ৰায়ক সংবিধান বিৰোধী কাৰ্যত লিপ্ত থকাৰ  অভিযোগত সংগঠনৰ পৰা অব্যাহতি দিয়াৰ পাচতেই সুনাধৰ ৰায়ে সংবাদ মেল পাতি ওলোটাই বলৰাম বৰ্মনক অব্যাহতি দি সুনীল ৰায়ক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণৰ ঘোষনা কৰাৰ পাচতেই সমগ্ৰ বিষয়টো তীব্ৰ ৰূপ ধাৰন কৰিছে  ৷ কালি গোসাইগাঁৱত বলৰাম বৰ্মন গোটে  কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি সংবাদ মেল যোগে সুনাধৰ ৰায়ৰ লগতে তেঁৱক সহযোগ কৰা পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি প্ৰহ্বলাদ বৰ্মন আৰু সম্পাদক  নীল কুমাৰ ৰায়ক সংগঠনৰ পৰা বহিস্কাৰ কৰাৰ লগতে সুনীল ৰায়ক অব্যাহতি ঘোষনা কৰে ৷ ইপিনে কালিৰ কাৰ্যনিৰ্বাহক সভাক সম্পূৰ্ণৰূপে অসাংবিধানিক ঘোষনা কৰে সুনাধৰ ৰায় গোটে ৷ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন দলগাঁৱত আজি সংবাদ মেল পাতি সুনাধৰ ৰায় গোটে প্ৰশ্ন কৰে যে ইতিমধ্যে সভাপতি পদৰ পৰা অব্যাহতি দিয়া বলৰাম বৰ্মনে কি যুক্তিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিব পাৰে ৷ অভিযোগ কৰে যে কালিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকা প্ৰায়বোৰ লোকে আক্ৰাছু এৰিছে আৰু কিছুমানে প্ৰত্যক্ষ ভাবে ৰাজনীতিক দলৰ সৈতে জড়িত ৷ তেনে ক্ষেত্ৰত ৰাজনীতি কৰা কোনো লোকে কোনো প্ৰকাৰে আক্ৰাছুৰ সৈতে জড়িত হব নোৱাৰে বুলি উল্লেখ কৰি বলৰাম বৰ্মন গোটে কোচ ৰাজবংশী ৰাইজক বিভ্ৰান্ত কৰি বিপথে পৰিচালিত কৰি আছে বুলি অভিযোগ কৰে ৷

Exit mobile version