Site icon Guwahati Times

গুৱাহাটীৰ পৰা পুনৰ নিৰুদ্দেশ যুৱতীঃ একেদিনাই ২ যুৱতী আৰু এগৰাকী মহিলা সন্ধানহীন….

আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা ৰাজধানী গুৱাহাটী মহানগৰীত পুনৰ যুৱতী আৰু মহিলা নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে। এইবাৰ গীতানগৰৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ সমীপৰ পৰা নিৰুদ্দিষ্ট হৈছে দুগৰাকী যুৱতী আৰু নাৰেংগীৰ যুৱ নগৰৰ পৰা এগৰাকী মহিলা সন্ধনহীন হৈছে। নিৰুদ্দিষ্ট যুৱতী দুগৰাকী হৈছে সন্তোষী কুমাৰী (২১)আৰু সুমন কুমাৰী(১৯)। আনহাতে, নিৰুদ্দিষ্ট মহিলা গৰাকী হৈছে নাৰেংগীৰ যুৱ নগৰৰ পূজা দাস(৩০)।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শনিবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ থকা যুৱতী দুগৰাকীৰ বাতৰি লিখাৰ পৰলৈ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত যুৱতী দুগৰাকীৰ পৰিয়ালে নুনমাটি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত পক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে দুগৰাকী যুৱতীৰ এগৰাকীৰ সৈতে থকা মোবাইল ফোনৰ লোকেচন ট্ৰেছ কৰি পশ্চিমবঙ্গৰ আলিপুৰদুৱাৰত যুৱতী দুগৰাকীৰ অৱস্থিতি ধৰা পেলাইছে। পাৰিয়ালে নিৰুদ্দিষ্ট যুৱতী দুগৰাকী কোনো দুষ্টচক্ৰৰ কৱলত পৰাৰ সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে যুৱতী দুগৰাকী প্ৰেমিকৰ সৈতে পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি দুয়ো গৰাকী যুৱতীয়ে দুজন যুৱকৰ সৈতে Instagram যোগে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক। বিগত দুবছৰ ধৰি ইনষ্ট্ৰাগ্ৰাম যোগে যুৱতী দুগৰাকীৰ সৈতে চিনাকি হোৱা যুৱক দুজনৰ সৈতে চলি আছিল প্ৰেমৰ সম্পৰ্ক। সেই সুবাদতে প্ৰেমিকৰ সৈতে যুৱতী দুগৰাকী পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে নুনমাটি আৰক্ষীয়ে।

ইফালে নিৰুদ্দিষ্ট যুৱতী দুগৰাকীৰ সন্ধান নোপোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়াল বৰ্গ। মন কৰিবলগীয়া কথা এই যে চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ সৰস্বতী পূজাৰ দিনা নুনমাটি অঞ্চলৰ পৰা দুগৰাকী ছাত্ৰী নিৰুদ্দিষ্ট হৈছিল। পিছত মানৱ সৰবৰাহকাৰীৰ জালত পৰা ছাত্ৰী দুগৰাকীক কোনো মতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সেয়ে গীতা নগৰ অঞ্চলৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱতী দুগৰাকীও এনে দুষ্ট চক্ৰৰ কবলত পৰিব পাৰে নেকী তাক লৈ এতিয়া চৰ্চা চলিছে একাংশ লোকৰ মাজত।

Exit mobile version