Site icon Guwahati Times

গুৱাহাটী বিমান বন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ দুৰ্ঘটনা

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সমীপৰ বুল্লাত বায়ুসেনা বাহিনীৰ গাড়ী আৰু স্কুল বাছৰ মুখামুখি সংঘর্ষত থিতাতে নিহত হয় এজন। ইফালে আহত ৮ জনৰো অধিক ছাত্র-ছাত্রী । জানিব পৰা মতে, শিক্ষার্থী কঢ়িওৱা বাহনখনৰ চালক থিতাতে নিহত হয় ।
বাহনখনত খুন্দিয়াই পলায়ন কৰে বায়ুসেনাৰ বাহনৰ চালকে। দুর্ঘটনা সংঘটিত কৰা বায়ুসেনাৰ বাহনখনৰ নম্বৰ 23 BH 5027 A.

অভিজিত কলিতা, গুৱাহাটী

Exit mobile version