Site icon Guwahati Times

নামতি প্ৰেছ ক্লাৱৰ উদ্যোগত হজ যাত্ৰীক সম্বৰ্ধনা

ইছলাম ধৰ্মৰ পৱিত্ৰ তীৰ্থস্থান আৰৱ দেশৰ মক্কা শ্বৰীফলৈ হজ কৰা উদ্দেশ্যেৰে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ পৰা কেইবাগৰাকীও পুৰুষ-মহিলাই এই পৱিত্ৰ হজ যাত্ৰাৰ বাবে নিজৰ নিজৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। দেওবাৰে উক্ত অঞ্চলটোৰ হজযাত্ৰীসকলক যাত্ৰ শুভ হোৱাৰ কামনা কৰি নামতি প্ৰেছ ক্লাৱৰ উদ্যোগত এক সম্বৰ্ধনা কাৰ্যসূচীৰ আয়োজন কৰে ।

নামতি প্ৰেছ ক্লাৱৰ সভাপতি ৰাতুল শৰ্মা আৰু সম্পাদক জিয়াৰুদ্দিন আহমেদৰ নেতত্বত সাংবাদিকৰ এটি দলে প্ৰত্যেকগৰাকী হজ যাত্ৰীৰ ঘৰে ঘৰে গৈ একোখন ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে। লগতে তেওঁলোকে পৱিত্ৰ তীৰ্থস্থান মক্কা শ্বৰীফলৈ যাত্ৰা কৰিবলগীয়া সকলো হজযাত্ৰীকে শান্তি-সম্প্ৰীতিৰ কামনা কৰি দোৱাৰ বাবে আহ্বান জনায়।

Exit mobile version