Site icon Guwahati Times

বিশ্বনাথত আয়ুস্মান কাৰ্ডৰ ৫ লাখটকীয়া চৰকাৰী সাহাৰ্য্যৰ নামত ভেকোভাওনা!

আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ অধীনত অস্ৰোপ্ৰচাৰ কৰিবলৈ গৈ সমস্যাত পৰিবলগীয়া হৈছে গহপুৰ মহকুমাৰ ছয়দুৱাৰ গৰৈমাৰী গাঁৱৰ সাধাৰণ কৃষক গোবিন্দ প্ৰধান(৫৫)।

এইক্ষেত্ৰত তেওঁৰ ভাতৃ পুস্প প্ৰধানৰ পৰা জানিব পৰামতে- যোৱা কিছুদিনৰ পৰা পেটৰ “গল্ডব্লাডাৰ”ৰ অসুখত ভুগি থকা গোবিন্দ প্ৰধানে ৰোগ উপশমৰ বাবে বিশ্বনাথ চাৰিআলিত থকা জে. কে হস্পিতালত চিকিৎসক ডা: বিষ্ণু শৰ্মাৰ তত্বাৱধানত চিকিৎসাধীল হৈ আছিল। যিহেতু জে.কে হস্পিতালখন আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ তালিকাভুক্ত সেইবাবে তেওঁ আয়ুস্মান কাৰ্ডৰ চৰকাৰী সুবিধা লোৱাৰ উদ্দেশ্যে উক্ত হস্পিতালত চিকিৎসা গ্ৰহণ কৰে।

মাতৃ প্ৰেম কুমাৰী প্ৰধানৰ নামত থকা ১৮১০০৭৮৬০৮৬৫ নম্বৰৰ ৰেছন কাৰ্ডৰ জৰিয়তে লাভ কৰা ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ আয়ুস্মান কাৰ্ডৰ এগৰাকী উপযুক্ত হিতাধিকাৰী হিচাপে গোবিন্দ প্ৰধানে উক্ত জে.কে হস্পিতালত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত কালি গল্ডব্লাডাৰৰ অস্ৰোপ্ৰচাৰ কৰিবলৈ গৈ সন্মুখীন হ’বলগীয়া হয় চৰকাৰী ঘোষণাৰ এক বিপৰীত পৰিস্থিতিৰ। গোবিন্দ প্ৰধানৰ অস্ৰোপ্ৰচাৰৰ বাবে দেওবাৰে পৰিয়ালৰ লোকে চিকিৎসালয়খনত ৰেছন কাৰ্ড, আয়ুস্মান কাৰ্ড সহ আবেদন কৰোতে জে.কে হস্পিতালৰ দায়িত্বশীল কৰ্তৃপক্ষই গোবিন্দ প্ৰধানৰ আবেদন নাকচ কৰি কয় যে চৰকাৰে চিকিৎসালয়খনত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বহু টকা দিবলৈ বাকী আছে‌।সেইবাবে তেওঁলোকে আয়ুস্মান কাৰ্ডৰ জৰিয়তে অস্ৰোপ্ৰচাৰ কৰিব নোৱাৰে।

চৰকাৰে ধন আদায় নিদিয়াৰ বাবে আন কোনো ৰোগীকে আয়ুস্মান কাৰ্ডৰ সহায়ত চিকিৎসা প্ৰদান নকৰে চিকিৎসালয়খনে। চিকিৎসাখনৰ কৰ্তৃপক্ষৰ এনে ধৰণৰ বক্তব্য শুনাৰ পিছত মূৰত যেন আকাশী সৰগ ভাগি পৰে গোবিন্দ প্ৰধানৰ লগতে কৃষক পৰিয়ালটোৰ।পৰবৰ্তী সময়ত তেওঁলোকে আত্মীয়-স্বজনৰ পৰা টকা ধাৰলৈ লৈ কোনোমতে অস্ৰোপ্ৰচাৰ সম্পন্ন কৰে। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ তালিকাভুক্ত চিকিৎসালয়ত আয়ুস্মান কাৰ্ড থকা ৰোগীয়ে ধন পৰিশোধ বা ধন জমা কৰাৰ প্ৰয়োজন নাই বুলি আয়ুস্মান কাৰ্ডখনত স্পষ্টকৈ উল্লেখ থকাৰ পিছতো গোবিন্দ প্ৰধানে এক আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হোৱা বিষয়টোৱে আচৰিত কৰি তুলিছে সচেতন ৰাইজক।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ ৫ লাখটকীয়া বিনামূলীয়া চিকিৎসাৰ আয়ুস্মান কাৰ্ডৰ বিষয়টো কেৱল ভোটাৰ ৰাইজক প্ৰলোভিত কৰাৰহে আহিলা নেকি? আয়ুস্মান কাৰ্ডৰ সুবিধাসমূহক লৈ চৰকাৰে কৰি অহা বহুল প্ৰচাৰৰ বিপৰীতে গোবিন্দ প্ৰধান নামৰ ৰোগী তথা খাটিখোৱা কৃষকজনে লাভ কৰা তিক্ততা পূৰ্ণ অভিজ্ঞতাই চৰকাৰী ঘোষণা আৰু কামৰ মাজত যে আকাশ পাতালৰ তৎফাত সেই কথা দিনৰ পোহৰৰ দৰে পৰিস্কাৰ কৰি তুলিছে বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।

Exit mobile version