Site icon Guwahati Times

নগাঁৱৰ ডিমৌ-উৰিয়াগাঁও বাইপাছত দুৰ্ঘটনাত এজন নিহত

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ ডিমৌ-উৰিয়াগাঁও সংযোগী বাইপাছত মংগলবাৰে পুৱা এক পথ দুৰ্ঘটনা দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ মৃত্যু হয়। নিহত লোকজনক নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ ধেপাজান নিবাসী বিনোদ দাস বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে বাইপাছ পথত থকা পেট্ৰ’ল ডিপ’ত মটৰ চাইকেলত তেল ভৰাই ঘৰলৈ উভতি আহোঁতে অচিনাক্ত বাহনে লোকজনৰ AS 02 T 1580 নম্বৰৰ মটৰ চাইকেলখন মহতিয়াই লৈ যায়। ফলত বিনোদ দাস দুৰ্ঘটনাস্থলীতে নিহত হয়।
উল্লেখ্য যে ঘটনাটো পুৱা প্ৰায় ৯বজাত সংঘটিত হয় যদিও প্ৰায় ১১বজাতহে স্থানীয় লোকে প্ৰত্যক্ষ কৰি বৰঘাট আৰক্ষী পহৰা চকীত খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহত বিনোদ দাস নগাঁও চহৰৰ মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি সভাপতি আৰু কিশালয় সাংস্কৃতিক গোষ্ঠীৰ ভূপেন হাজৰিকা কিশলয় সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তদুপৰি দাস বিভিন্ন সামাজিক অনুষ্ঠানক নেতৃত্ব প্ৰদান কৰাৰ লগতে স্থানীয় নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছিল। কিশলয় সাংস্কৃতিক গোষ্ঠীয়ে বিনোদ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version