Site icon Guwahati Times

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিহু গ’লে বিনাবা কাক” শীৰ্ষক ব’হাগৰ এটা দিন উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত “বিহু গ’লে বিনাবা কাক” শীৰ্ষক ব’হাগৰ এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । এই উপলক্ষে বিশ্ববিদ্যালয়ৰ চৌহদত আয়োজিত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ প্ৰস্তুত কৰা বিভিন্ন থলুৱা খাদ্যাভ্যাস,সাজ-পাৰ,আ- অলংকাৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় । অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা,সহকাৰী পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশ, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠক,অসমীয়া বিভাগৰ মুৰব্বী ড° শ্যামলী দলৈৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী,অধ্যাপক-অধ্যাপিকা,গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ বিয়লিলৈ আয়োজিত “ব’হাগৰ এদিন” কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰে চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ কৌশিক নন্দন বৰুৱাই । বিভাগৰ অধ্যাপক ড° চন্দ্ৰ কমল চেতিয়া আৰু অধ্যাপক-লেখক গণেশ বৰাই অনুষ্ঠানত বিহু সম্পৰ্কে তাত্বিক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা ঈশাপ্ৰিয়া শইকীয়াই পাৰ্শ্বজ্যোতি নাথ আৰু বিপ্লৱ চেতিয়াৰ সহযোগত গীত পৰিৱেশন কৰাৰ লগতে শিক্ষাতত্ব বিভাগৰ ছাত্ৰীসকলে জেং বিহু প্ৰদৰ্শন কৰে । তদুপৰি বিভাগৰ ছাত্ৰ শান্তনু কৌশিক শইকীয়া,ছাত্ৰী হিমাশ্ৰী ভট্টাচাৰ্যই গীত পৰিৱেশন কৰাৰ লগতে বিভাগৰ ছাত্ৰী প্ৰিয়ংকা টায়েঙে বিহু নৃত্য প্ৰদৰ্শন কৰে । হিমশিখা সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানত কৰুণা কচাৰীয়ে শলাগৰ শৰাই আগবঢ়ায় । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version