Site icon Guwahati Times

নগাঁৱৰ ননৈ টাইকোৱানড’ একাডেমীৰ হালধীয়া বেল্ট প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,১মে’:–নগাঁও চহৰৰ সমীপৰ ননৈ টাইকোৱানড’ একাডেমীৰ হালধীয়া বেল্ট (YELLOW BELT) পৰীক্ষাৰ বেল্টসমূহ বুধবাৰে প্ৰদান কৰা হয় । অনুষ্ঠানত অল নগাঁও ডিষ্ট্ৰিক্ট টাইকোৱানড’ এছ’চিয়েছনৰ সাধাৰণ সম্পাদক অংকুৰ বৰা, প্ৰশিক্ষণ ৰোহিত হৰিজন,কৌস্তভ জ্যোতি দাস, নীলোৎপল শইকীয়া,ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অঞ্চলটোৰ সৰবৰহী ব্যক্তি দিগন্ত বৰুৱা উপস্থিত থাকে। বেল্ট পৰীক্ষাৰ পাছত সম্পাদক অংকুৰ বৰাই সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰটিৰ ছাত্ৰ-ছাত্ৰীসকলক হালধীয়া বেল্ট পৰিধান কৰোৱাৰ লগতে মানপত্ৰ সমূহো প্ৰদান কৰে। ননৈ টাইকোৱানডো একাডেমীৰ সভাপতি খ্যাতনামা নাট্যশিল্পী গৌতম শইকীয়া আৰু সম্পাদিকা ৰমিৰ ব্যেপিয়ে আজিৰ অনুষ্ঠানটিত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নৱপ্ৰজন্মক ড্ৰাগছ ইত্যাদি মাৰাত্মক সামাজিক ব্যাধিয়ে গ্ৰাস কৰাৰ সময়ত এনেবোৰ ক্ৰীড়াই মানুহক শৃংখলাবদ্ধ আৰু অন্যান্য অপ আসক্তিৰ পৰা দূৰৈত থকাত সহায়ক হয় বুলি ব্যক্ত কৰে । লগতে সকলোকে ক্ৰীড়াৰ মাধ্যমৰে এখন সুশৃংখলিত নতুন সমাজ গঢ়িবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে নগাঁৱৰ ননৈত অল অসম টাইকোৱানডো অধীনত স্থাপিত সমৰকলা বিদ্যালয়খনে অঞ্চলটোত ইতিমধ্যে এক জাগৰণৰ সৃষ্টি কৰিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version