Site icon Guwahati Times

ৰাণীত মৃত পশুৰ মাংস ভক্ষণ কৰি পুনৰ ৯ টাকৈ শগুনৰ মৃত্যু

গুৱাহাটী, ২ মে : প্ৰকৃতিৰ জামাদাৰ হিচাপে পৰিচিত আৰু সম্প্ৰতি বিলুপ্তিৰ দিশলৈ গতি কৰা শগুনৰ অৱশিষ্টখিনীও এতিয়া মানৱসৃষ্ট ভুলৰ বাবে মৃত্যুৰ মুখলৈ গতি কৰিছে। আনকি বৃহস্পতিবাৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পৰা কিছু নিলগৰ ৰাণীৰ কাষৰীয়া গুইমাৰী অঞ্চলৰ পথাৰত মৃত পশুৰ মাংস ভক্ষণ কৰি ৯ টাকৈ শগুন কৰুণভাবে মৃত্যুমুখত পৰিছে । তেনেদৰে কেইবাটাও শগুন অসুস্থ অৱস্থাত আন ঠাইলৈ উৰি যায়। এই ঘটনা কোনো লোকে প্ৰত্যক্ষ কৰি দূপৰীয়া ৰাণীৰ বেলগুৰীস্থিত শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰত খবৰ দিয়াত তেওঁলোকে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ এটি দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে তাত উপস্থিত হৈ ৯ টা শগুনক মৃত অৱস্থাত উদ্ধাৰ কৰে । ইয়াৰ ভিতৰত হোৱাইট বেক ২ টা, হিমালয়ান গ্ৰিফান ৬ টা আৰু ব্লেক কাইট ১ টা মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত পশুৰ গৰাকী বা অান কোনো লোকে মৃত পশুৰ দেহত বিষাক্ত দ্ৰব্য মিহলাই পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। যাৰ বাবে মৃত পশুৰ মাংস ভক্ষণ কৰি এই শগুণ কেইটা মৃত্যুমুখত পৰা বুলি সদৰি কৰিছে শগুন প্ৰজনন আৰু গৱেষণা কেন্দ্ৰৰ বিষয়া আৰু বন বিভাগৰ লোকে । কেন্দ্ৰৰ ফালৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে দুটি মৃত শগুন অনা হৈছে । উল্লেখ যে, পশ্চিম গুৱাহাটীকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত বিগত সময়চোৱাত মৃত পশুৰ মাংস ভক্ষণ কৰি দুই শতাধিক শগুনে কৰুণভাবে মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে ।

অভিজিত কলিতা, গুৱাহাটী

Exit mobile version