Site icon Guwahati Times

নগাঁৱত বৰঘাট বাইপাছ চ’কৰ সমীপত দুৰ্ঘটনাত দুজন বাইক আৰোহী নিহত

নিউজ ব্যুৰ’,নগাঁও,২মে’:–নগাঁও জিলাৰ বৰঘাট আৰক্ষী পহৰা চকীৰ অন্তৰ্গত নগাঁও বাইপাছ চ’কৰ সমীপত আজি সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় । দুৰ্ঘটনাত নিহত বাইক আৰোহীদ্বয় হৈছে সুবিদ্ৰা দাস (২৭) আৰু আমিন আলি (৩২)। সুবিদ্ৰা দাসৰ ঘৰ গোঁসাইগাঁৱত আৰু আমিন আলিৰ ঘৰ ৰহাত। প্ৰাপ্ত বাতৰি মতে,নগাঁও চহৰৰ সমীপৰ উৰিয়াগাঁৱৰ পৰা ডিমৌ অভিমুখে গৈ থকা ১৬চকীয়া এখন ট্ৰাকে AS O1 FL 2926 নম্বৰৰ এখন মটৰ চাইকেলেৰে অহা আৰোহীদ্বয়ক মহতিয়াই নিয়ে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনে পলায়ন কৰে । ইফালে,স্থানীয় সূত্ৰই জনোৱা মতে একেটা পথেদি আহি থকা দুখন ট্ৰাকৰ মাজেদি মটৰ চাইকেল আৰোহী পাৰ হ’বলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। এই বাতৰি লিখা সময়লৈকে ট্ৰাকখনৰ কোনো খবৰ লাভ কৰা নাই আৰক্ষীয়ে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version