Site icon Guwahati Times

হাজোত পথ দুৰ্ঘটনাঃ আহত ৩ কিশোৰ…

হাজোত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। হাজোৰ অন্তৰ্গত পূব সৌৰামূৰী গাঁৱত তীব্ৰ বেগেৰে বিদ্যুতৰ খুটাত খুন্দা মাৰে এখন চাৰিচকীয়া বাহনে। লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন পথাৰত বাগৰি পৰে।

তথ্য অনুসৰি বাহনখনত চালকৰ ৰূপত আছিল এজন ১৮ বছৰীয়া কিশোৰ। কিশোৰজনৰ সৈতে অন্য দুজন ১৮ বছৰীয়া কিশোৰ থকা বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত ৩ কিশোৰক স্থানীয় ৰাইজে ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰিছে। আনহাতে উক্ত স্থানত কঞা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Exit mobile version