Site icon Guwahati Times

ৰঙিয়াৰ মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত এজন

ৰঙিয়াৰ মৰাণজানত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত হয় এজন চাইকেল আৰোহী। ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটী অভিমুখী এখন এল পি জি কঢ়িওৱা বাহনে চাইকেল আৰোহী জনক মহতীয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাবটি লয় চাইকেল আৰোহীজনে।

জানিব পৰামতে নিহত চাইকেল আৰোহীজন ৰঙিয়া বড়িগোগৰ মিন্টু বৈশ্য। দুৰ্ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Exit mobile version