Site icon Guwahati Times

ঘিলামৰাত শিলাবৃষ্টিত বিস্তৰ ক্ষতি…

প্ৰবল শিলাবৃষ্টিৰ কৰাল গ্ৰাসত আচ্ছন্ন হৈছে ঘিলামৰাৰ বিস্তীৰ্ণ অঞ্চল। বৃহস্পতিবাৰে নিশা প্ৰায় ১২বজাৰ পৰা সৃষ্টি হোৱা ভয়াৱহ শিলাবৃষ্টিয়ে ঘিলামৰাস্হ সোৱণশিৰি ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে। প্ৰায় এঘন্টা জুৰি দিয়া শিলাবৃষ্টিয়ে তাণ্ডৱ চলাই বৰদৈবাম, ঘিলামৰা, দেৱলীয়া, বিলমুখ আদি পঞ্চায়তৰ শ শ পৰিয়ালৰ ঘৰ, ভঁৰাল, গোহালি ঘৰৰ টিনপাত বিনষ্ট কৰি পেলায়।

প্ৰবল শিলাবৃষ্টিয়ে সমগ্ৰ অঞ্চলটোৰ বহু সংখ্যক ঘৰৰ টিনপাত পৰ্যন্ত ফুটা কৰি , বাৰীৰ গছ ভাঙি এক অবৰ্ণনীয় পৰিস্থিতিৰ সূত্ৰপাত ঘটাই। শিলাবৃষ্টিৰ লগতে অহা প্ৰচণ্ড বতাহেও গছ-গছনি, ঘৰ দুৱাৰ তহিলং কৰি চহা ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে।

Exit mobile version