Site icon Guwahati Times

কংগ্ৰেছত যোগদান সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল

ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন কুজকাৱাজ তীব্ৰতৰ হোৱাৰ মাজতে শুক্ৰবাৰে এআইইউডিএফৰ বিধায়ক তথা সাংগঠনিক সম্পাদক আমিনুল ইছলাম সহ কে’বাজনো বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি কেতবোৰ অভিযোগ উদ্থাপন কৰিছিল দলটোৰ আইনী উপদেষ্টা এ কে তালুকদাৰে ৷ একেদৰে তেওঁ কৈছিল , এআইইউডিএফে ‘ডি’ ভোটাৰক লৈ ভীতিগ্ৰস্থ হৈ থকা সংখ্যালঘু জনসাধাৰণৰ বাবে ভাল অধিবক্তা কোনো দিনেই নিয়োজিত নকৰিলে ।

শণিবাৰে উল্লিখিত অভিযোগ সন্দৰ্ভত মানকাচৰত এখন সংবাদমেল সম্বোধন কৰি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম দলটোৰ আইনী উপদেষ্টা এ কে তালুকদাৰৰ বিৰুদ্ধে খড়্গগ্ৰস্ত হৈ পৰে । বিধায়ক গৰাকীয়ে তালুকদাৰৰ সকলো অভিযোগ খণ্ডন কৰি কয়, কংগ্ৰেছৰ চক্ৰান্তত অধিবক্তা এ কে তালুকদাৰে এই অভিযোগ আনিছে ৷

এই অভিসন্ধিমূলক অভিযোগ সন্দৰ্ভত দলে শীৰ্ঘেই তালুকদাৰৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলত সদৰি কৰে জ্যেষ্ঠ বিধায়ক গৰাকীয়ে ৷

Exit mobile version