Site icon Guwahati Times

গুৱাহাটী: অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত আনিছিল ক’কেইন; বিমান বন্দৰত গ্ৰেপ্তাৰ বিদেশী নাগৰিক

বুধবাৰে গুৱাহাটী বিমান বন্দৰত শুল্ক বিভাগে এক অভিযান চলায়। অভিযানত বুজন পৰিমাণৰ ক’কেইনসহ এজন বিদেশী নাগৰিক গ্রেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।

গ্ৰেপ্তাৰ কৰা ৰেইনহাৰ্ড ছিৰেইট নামৰ যুৱকজন ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে যুৱকজনে অস্ত্রোপচাৰ কৰি পেটৰ ভিতৰত কোকেইনখিনি লৈ আনিছিল। জব্দকৃত ক’কেইনখিনিৰ মূল্য কেইবা কোটি টকা বুলি জানিব পৰা গৈছে। সম্প্ৰতি জিএমচিএইচ ভৰ্তি কৰোৱা হৈছে যুৱকজনক।

Exit mobile version