Site icon Guwahati Times

চিলাপথাৰত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

চিলাপথাৰৰ দক্ষিণ চ’ছাইটি গাঁৱৰ দুলাল গোস্বামীৰ কনিষ্ঠ পুত্ৰ তথা ১৪ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ৪ দিনে সন্ধানহীন হৈ আছে।

১৪ মে’ৰ পুৱাই স্কুললৈ বুলি ওলাই যোৱা ছাত্ৰজনে দুপৰীয়া ঘৰত স্কুলৰ কিতাপ-বহীৰ বেগ এৰি থৈ ওলাই যায় হঠাৎ সন্ধানহীন হয়। পৰিয়ালৰ লোকে আত্মীয় লোকৰ ঘৰত বিচাৰ খুচাৰ কৰে যদিও ৪ দিনে ছাত্ৰজনৰ কোনো শুংসূত্ৰ লাভ নকৰিলে পৰিয়ালে।

ঘটনা সংক্ৰান্তত চিলাপথাৰ আৰক্ষী থানাত লিখিত জাননী প্ৰদান কৰিছে পৰিয়ালে। সন্ধানহীন হৈ থকা নিৰজ গোস্বামীৰ সন্ধান পালে সদাশয় ৰাইজক 9954711691 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ দুলাল গোস্বামীয়ে কাতৰ অনুৰোধ জনাইছে।

Exit mobile version