নিউজ ব্যুৰ’,নগাঁও,৩জুলাই:–নগাঁও লেখিকা সমাৰোহ সমিতিৰ এটা সজাঁতি দলে বুধবাৰে বিয়লি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ ১২৭খন গ্ৰন্থ আগবঢ়ায়। সমিতিৰ সদস্যাসকলে নিজে লিখা আৰু সম্পাদনা কৰা গ্ৰন্থৰ উপৰিও আন প্ৰতিষ্ঠিত লেখকৰ কিছু গ্ৰন্থও ক্ৰয় কৰি মহাবিদ্যালয়খনলৈ গৈ প্ৰদান কৰে। উল্লেখ্য যে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁও লেখিকা সমাৰোহ সমিতিৰ ফালৰ পৰা আগবঢ়োৱা হয় গ্ৰন্থখিনি। লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা আভা বৰা,বীণা শৰ্মা,দীপা বৰুৱা,শাখাৰ সভানেত্ৰী ড° থুনু কলিতা, সম্পাদিকা প্ৰিয়ম্বদা শইকীয়া বৰা, ঊৰ্মিলা বৰুৱা,অপৰা ফুকন,ড° স্বপ্না নেওগ বৰা,ড° অঞ্জনা গোস্বামী,সন্ধ্যা বৰুৱা,প্ৰিয়ম্বদা কাকতী বৰা,বুলু বৰুৱা প্ৰমুখ্যে সদস্যাসকলে মহাবিদ্যালয়খনিৰ অধ্যক্ষ আৰু গ্ৰন্থাগাৰিক প্ৰিয়ানুজ বৰাৰ হাতত গ্ৰন্থসমূহ অৰ্পণ কৰে।
মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে এক নতুন সাকাৰাত্মক চিন্তাধাৰাৰে নগঞা ৰাইজৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰি জনসাধাৰণৰ সেৱাৰ বাবে গ্ৰন্থাগাৰত এনে এটা শাখা ৰখাৰ চিন্তা-চৰ্চা কৰিছে। তেখেতৰ এনে অনন্য প্ৰচেষ্টাৰ প্ৰতি সহাঁৰি জনাই নগাঁও শাখা লেখিকা সমাৰোহ সমিতিয়ে সহায়ৰ হাত আগবঢ়োৱা বাবে অধ্যক্ষগৰাকীয়ে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু গ্ৰন্থসমূহ সুন্দৰকৈ গ্ৰন্থাগাৰত ৰখোৱাৰ ব্যৱস্থা কৰে। নগাঁও লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলেও ভবিষ্যতে প্ৰয়োজন সাপেক্ষে পুনৰ সহযোগিতা আগবঢোৱাৰ কথা অৱগত কৰে । ঋতু পৰ্ণ শৰ্মা,নগাঁও
লেখিকা সমাৰোহ সমিতিৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ ১২৭খন গ্ৰন্থ

