Site icon Guwahati Times

বটদ্ৰৱাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ভোমোৰাগুৰিৰ পৰা নিষিদ্ধ ড্ৰাগছ সহ দুজনক আটক

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছু ৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে চলোৱা অভিযানত নিষিদ্ধ ড্ৰাগছ সহ দুটা সৰবৰাহকাৰীক আটক কৰা হয়। ভোমোৰাগুৰি গাঁৱৰ ছাদত আলী আৰু শ্বাহীল আহমেদৰ ঘৰত চলোৱা তালাচী অভিযানত ড্ৰাগছ সহ সৰবৰহী কেইতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৩৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰক্ষীয়ে জব্দ কৰে। বৰ্তমান অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই পুলিচৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি অঞ্চলত নিসিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল।

ধিঙৰ পৰা সুৰুজ আলী।

Exit mobile version