ৰাতিপুৱা নদীত গা ধুব গৈছিল
প্ৰফুল্ল নগৰৰ লালচান্দ চৌহান আৰু জপছিয়া চৌধুৰী নামৰ দুজন লোক।
গা ধুব গৈ নদীৰ পাৰত ভৰা নদী পাৰ হোৱাৰ ৬০০ টকাৰ জেদ লাগে দুয়োৰে।
সেই মতে নদী পাৰ হব লওঁতে নদীত উটি যায় লালচান্দ চৌহান নামৰ 40 বছৰীয়া ব্যক্তি গৰাকী।
লগে লগে হুলস্থুল লাগে পাৰত থকা লোকৰ মাজত। খবৰ দিয়া হল SDRF ক।
খবৰ পোৱাৰ লগে লগে SDRF উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। 2 ঘণ্টা জোৰা অভিযানৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোক জনৰ মৃতদেহ।
মঙ্গলদৈ নদীৰ বাঢ়নী পানীত শলিল সমাধি এজনৰ

