Site icon Guwahati Times

নগাঁৱৰ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম, জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই :– ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনকদিনে বৃদ্ধি পাইছে বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম। ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গাঁৱৰ ৰাস্তা- ঘাটলৈকে বিস্তাৰিত হৈ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা পাৰ্থেনিয়ামে বৰ্তমান জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। চামগুৰিৰ লগতে আমনি,মিছা, ৰঙাগড়া,আমনিগাঁও,পহুকটা,গড়মূৰ, ভেলেউগুৰি,তেলিয়াগাঁও,পুৰণিগুদাম আদিকে ধৰি বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বিষাক্ত পাৰ্থেনিয়াম গছ। বৰবিহ স্বৰূপ এই পাৰ্থেনিয়ামে জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে । উল্লেখ্য যে নাৰ্জী ফুলৰ পাতৰ দৰে সাদৃশ্য থকা আৰু বগা ৰঙৰ সৰু সৰু ফুলৰ উদ্ভিদবিধেই পাৰ্থেনিয়াম ৷ এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম হৈছে “পাৰ্থেনিয়াম হাইড্ৰফ’ৰাছ”৷ পাৰ্থেনিয়াম উদ্ভিদৰ পৰা গৰু,ছাগলী আদি জীৱ-জন্তুৰ বাবেও অপকাৰী হোৱাৰ লগতে মানুহৰ শৰীৰত খজুৱতি, এলাৰ্জী,হাপানী,শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে বিভিন্ন ৰোগৰ সৃষ্টি কৰে ৷ এক তথ্য অনুসৰি ভাৰতলৈ ১৯৫৫চনত আহিছিল বিষাক্ত পাৰ্থেনিয়াম বীজ। আমদানিকৃত ঘেঁহুৰ লগত ভাৰতলৈ আহিছিল পাৰ্থেনিয়াম। পাৰ্থেনিয়ামৰ জীৱন কাল তিনিৰ পৰা চাৰি মাহ। এই সময়ছোৱাত এজোপা গছে তিনিবাৰ ফুলে আৰু বীজ উৎপাদন কৰি বংশ বৃদ্ধি কৰে। এজোপা গছত এক হাজাৰৰ পৰা বিশ হাজাৰৰ অধিক পৰ্য্যন্ত বীজ হয়। উদ্ভিদ বিজ্ঞানীসকলৰ মতে পাৰ্থেনিয়ামৰ ফুল আৰু বীজত Sesquiterpene Lactones নামৰ এক টক্সিন বা বিষ পোৱা যায়। এই টক্সিন মানুহ আৰু জীৱ জন্তুৰ বাবে অতি ক্ষতিকাৰক। জীৱজন্তুৰ শৰীৰ ফুলি উঠে,জ্বৰ,বদহজম আৰু নানা উপসৰ্গই দেখা দিয়ে। মানুহৰ শৰীৰত লাগিলে ছাল ৰঙা পৰি খজুৱতি হয়। ছালৰ কেঞ্চাৰ ৰোগৰ কাৰণো হৈ পৰে বুলি জানিব পৰা গৈছে। ফুলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰেণু সমূহ মানুহে উশাহ-নিশাহ লওঁতে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি হাঁওফাঁওত নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে। পাৰ্থেনিয়ামৰ ফুলৰ ৰেণু মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এলাৰ্জি, হাঁপানি,ব্ৰঙ্কাইটিচ,ছালৰ বিভিন্ন ৰোগ,অসহ্য মূৰৰ বিষ,ঘনে ঘনে জ্বৰ উঠা আদি নানা ধৰণৰ ৰোগ সৃষ্টি কৰিব পাৰে।

পার্থেনিয়াম গছজোপাৰ পৰা দহ মিটাৰৰ ভিতৰত থাকিলেই ইয়াৰ ৰেণু উশাহ-নিশাহ লওঁতে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি এই সমূহ ৰোগৰ কাৰণ হৈ পৰিব পাৰে। পার্থেনিয়াম গছবিধৰ গুটি আৰু ৰেণুৰ দ্বাৰাও বংশবৃদ্ধি হয় । তদুপৰি পার্থেনিয়াম উদ্ভিদৰ পৰা গৰু,ছাগলী আদি জীৱ-জন্তুৰ বদহজম,জ্বৰ,শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্রান্ত হয় আৰু মৃত্যু পর্যন্তও হ’ব পাৰে ৷ বিষাক্ত পার্থেনিয়ামক লৈ বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সম্পূৰ্ণ নীৰৱ হোৱা পৰিলক্ষিত হৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তত্ত্বাৱধানত থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ আৰু কাষত বাগিচাৰ দৰে ফুলি আছে বিষাক্ত পার্থেনিয়াম। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত বহিঃৰাজ্যৰ পৰা অহা পথ নিৰ্মাণ কোম্পানীৰ যান-বাহনবোৰত বিষাক্ত পাৰ্থেনিয়ামৰ বীজ আহিছিল বুলি একাংশ সচেতন লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ এই ক্ষেত্রত স্থানীয় সচেতন মহলে ঘাইপথ প্ৰাধিকাৰী,জিলা প্রশাসন আৰু কৃষি বিভাগক বিষাক্ত পার্থেনিয়াম নির্মূলকৰণ বা প্ৰতিৰোধৰ ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version